এলিয়েনৰ ৰহস্য সমাধানৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। সম্প্ৰতি নাছাই (NASA) এইক্ষেত্ৰত নিয়োগ কৰি আছে পাদুৰী (Priest)। মিৰৰৰ (The Mirror) এক প্ৰতিবেদন অনুসৰি, নাছাই এতিয়ালৈ ২৪গৰাকী পাদুৰী নিয়োগ কৰিছে। নাছাৰ স্পেচ মিছনত এওঁলোকক চামিল কৰোৱাৰ অৰ্থ হৈছে পৃথিৱীৰ বিভিন্ন ধৰ্মই এলিয়েনৰ সন্ধানক লৈ কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ বিশ্লেষণ কৰা (react if alien life is found on other planets)।
নাছাৰে যুক্ত এনে এগৰাকী ব্ৰিটিছ পাদুৰী এনড্ৰিউ ডেভিছনে (Dr Andrew Davison) উল্লেখ কৰে যে অন্য গ্ৰহত প্ৰাণীৰ সন্ধান এতিয়া অতি বাস্তৱিক হৈ উঠিছে। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ বায়'কেমেষ্ট্ৰীৰ ডিগ্ৰীধাৰী ডেভিছনে নাছাৰ সৈতে কাম কৰি আছে। ডেভিছন সম্পৰ্কে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তেওঁ ২৪গৰাকী পাদুৰীৰ সৈতে বিশেষজ্ঞ ৰূপে চামিল আছে।
এতিয়া এই ২৪ ধৰ্মতত্ত্ববিদৰ (24 theologians) সহায়ত নাছাই মানুহৰ বাহিৰে পৃথিৱীৰ বিভিন্ন ধৰ্মই এলিয়েনৰ বিষয়ে কি ভাবে সেয়া জানিবলৈ চেষ্টা কৰিব। উল্লেখ্য, ধৰ্মতাত্ত্বিকৰ অৰ্থ হৈছে ঈশ্বৰৰ প্ৰকৃতি, ধৰ্ম আৰু ধৰ্মীয় বিশ্বাসৰ বিষয়ে অধ্যয়ন। গতিকে এনে এক ধৰ্মীয় দৃষ্টিকোণৰ পৰা বিষয়টো বিচাৰ কৰি চোৱাৰ অৱকাশ বিচাৰিছে নাছাই। ধৰ্মবিদ ডেভিছনে উল্লেখ কৰে যে তেওঁৰ বিশ্বাস পৃথিৱীৰ বাহিৰত জীৱন বিচাৰি পোৱাৰ সম্ভাৱনা অধিক হৈ আহিছে। তেওঁ এই প্ৰশ্নও উত্থাপন কৰিছে যে ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইত জীৱন গঢ়িছে নেকি? যদি গঢ়িছে তেন্তে ধৰ্মৰ মৌলিক তত্ত্বক ই সলনি কৰিব পাৰে নেকি? এলিয়েনৰ আৱিষ্কাৰে পৃথিৱীৰ ধৰ্মীয় বিশ্বাসক কিদৰে প্ৰভাৱিত কৰিব?
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|