চীনৰ সৈতে সীমাৰ সংঘাত, মনমোহন সিঙে দেখুৱাই থৈ যোৱা পথেৰে আগবাঢ়িব নে কি নৰেন্দ্ৰ মোদী?

News18 Assam | News18-Assam
Updated:May 27, 2020, 10:15 AM IST
চীনৰ সৈতে সীমাৰ সংঘাত, মনমোহন সিঙে দেখুৱাই থৈ যোৱা পথেৰে আগবাঢ়িব নে কি নৰেন্দ্ৰ মোদী?
২০১২ বৰ্ষত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ আমোলত চীনৰ সৈতে এক ৱৰ্কিং মেকানিজম (WMCC) বা সীমান্ত কার্যপদ্ধতি মানি চলাৰ চুক্তিত স্বাক্ষৰ কৰিছিল ভাৰতে। 

২০১২ বৰ্ষত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ আমোলত চীনৰ সৈতে এক ৱৰ্কিং মেকানিজম (WMCC) বা সীমান্ত কার্যপদ্ধতি মানি চলাৰ চুক্তিত স্বাক্ষৰ কৰিছিল ভাৰতে। 

  • Share this:
নতুন দিল্লীঃ লাডাখ সীমান্তত ভাৰত তথা চীনৰ সেনাবাহিনীৰ মাজত চৰম সংঘাতময় পৰিৱেশ সৃষ্টি হৈছে। দুই দেশৰ বাহিনী বৰ্তমান যুযুধান হৈ পৰিছে। লাডাখৰ সমীৰত ছিক্কিমৰ নকুলা পাছতো দুই দেশৰ সৈনিকৰ মাজত হতাহতি, শিলাবৰ্ষণ পৰ্যন্ত হৈছে।অধিক শোচনীয় পৰিস্থিতিৰ কাৰণে সাজু হৈছে দুয়োখন দেশ। পৰিস্থিতিৰ পৰ্যালোচনাত মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জাতীয় নিৰাপত্তা উপদেষ্টা অজিত ড’ভাল, চিডিএছ বিপিন ৰাৱাট তথা তিনি বাহিনীৰ সেনা প্ৰধানৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

এই পৰিস্থিতিত কূটনৈতিক ভাবে সমস্যা সমাধানৰ কাৰণে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে দেখুৱা পথেই নৰেন্দ্ৰ মোদী চৰকাৰৰ ওচৰত অন্যতম বিকল্প হ’ব পাৰে বুলি কৈছে বিশেষজ্ঞসকলে। কিন্তু সেই বিকল্প কি?

২০১২ বৰ্ষত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ আমোলত চীনৰ সৈতে এক ৱৰ্কিং মেকানিজম (WMCC) বা সীমান্ত কার্যপদ্ধতি মানি চলাৰ চুক্তিত স্বাক্ষৰ কৰিছিল ভাৰতে। সেই সময়ত বেইজিঙত ভাৰতৰ ৰাষ্ট্রদূত তথা বর্তমানৰ বিদেশমন্ত্রী এছ জয়শংকৰে ভাৰতৰ হৈ এই কাৰ্যপদ্ধতি মানি চলাৰ নথিক স্বাক্ষৰ কৰিছিল। দুই দেশৰ মাজত সীমান্ত সংক্রান্তীয় বিবাদৰ মীমাংসা কৰিবলৈ এই ৱৰ্কিং মেকানিজম প্ৰস্তুত কৰা হৈছিল। ২০১২ বৰ্ষৰ জানুৱাৰী মাহত এই মেকানিজম প্ৰস্তুতৰ তৎপৰতা আৰম্ভ কৰিছিল তৎকালীন নিৰাপত্তা উপদেষ্টা শিবশংকৰ মেনন তথা চীনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ মাজত আলোচনা মৰ্মে দুই দেশৰ সহমতৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সীমান্ত বিবাদ এৰাই চলাৰ প্ৰসংগত এই দুই দেশৰ যুগ্ম সচিব স্তৰৰ বিষয়াক এই কাৰ্যপদ্ধতি মানি চলাৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। বৰ্তমান ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ হাতত এই ক্ষমতা আছে।

২০১২ বৰ্ষৰ পৰা এই কাৰ্যপদ্ধতি মানি চলাৰ বিষয়ে দুই দেশৰ মাজত মুঠ ১২খন বৈঠক হৈছে। অন্তিম বাৰ যোৱা বছৰৰ জুলাই মাহত দুয়োখন দেশৰ শীৰ্ষ বিষয়াৰ মাজত বৈঠক হৈছিল।

বর্তমান সংঘাতপূৰ্ণ পৰিস্থিতিত পূর্ব এছিয়াৰ দায়িত্বপ্রাপ্ত যুগ্ম সচিব নবীন শ্রীবাস্তৱক কূটনৈতিক স্তৰত সমস্যা সমাধানৰ কাৰণে আলোচনা কৰিবলৈ কোৱা যাব পাৰে। কাৰণ WMCC-ৰ মূল উদ্দেশ্যই আছিল সীমান্তৰ পৰিস্থিতিক লৈ দুয়ো তৰফেই সময়মতে পৰস্পৰক অৱগত কৰোৱা তথা পৰিস্থিতি অনুযায়ী সঠিক পদক্ষেপ গ্ৰহণ কৰা৷ ভাৰত আৰু চীনৰ সেনাবাহিনীৰ মাজত সংঘাতৰ পৰিস্থিতি দেখি বহুতৰে ২০১৭ বৰ্ষৰ ডোকলাম বিবাদৰ কথা মনত পৰিছে। শেষ পর্যন্ত লাডাখৰ সংঘাতো সেই পথেৰেই গ’লে এয়া ডোকলামৰ পিছত দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজত সৰ্ববৃহৎ সংঘৰ্ষৰ ঘটনা হ’ব পাৰে। শেষ পর্যন্ত কূটনৈতিক পথেৰে নৰেন্দ্র মোদীয়ে এই উত্তেজনাৰ নিৰসন কৰিব পাৰে নে নোৱাৰে সেয়া লক্ষ্যণীয় হ’ব।

 
First published: May 27, 2020, 10:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading