ৰাষ্ট্ৰসংঘৰ মজিয়াত সিদ্ধান্ত লোৱাৰ ক্ষমতা লাভ কৰিবলৈ আৰু কিমান দিন অপেক্ষা কৰিব লাগিব ভাৰতে? প্ৰশ্ন প্ৰধানমন্ত্ৰী মোদীৰ

News18 Assam | News18-Assam
Updated:September 26, 2020, 8:47 PM IST
ৰাষ্ট্ৰসংঘৰ মজিয়াত সিদ্ধান্ত লোৱাৰ ক্ষমতা লাভ কৰিবলৈ আৰু কিমান দিন অপেক্ষা কৰিব লাগিব ভাৰতে? প্ৰশ্ন প্ৰধানমন্ত্ৰী মোদীৰ
নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত প্ৰদান কৰিলে ভাষণ।

নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত প্ৰদান কৰিলে ভাষণ।

  • News18 Assam
  • Last Updated: September 26, 2020, 8:47 PM IST
  • Share this:
ৰাষ্ট্ৰসংঘৰ মজিয়াত কেতিয়া ভাৰতে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা লাভ কৰিব? আৰু কিমান দিন অপেক্ষা কৰিব লাগিব ভাৰতে? ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত নিজৰ ভাষণ প্ৰদান কৰি এই প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, দীৰ্ঘদিন ধৰি ভাৰতে এই অধিকাৰ লাভ কৰিবলৈ অপেক্ষা কৰি আছে। ইয়াৰ লগতে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ দাবীও কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ভাৰ্চুৱেল বৈঠকত নিজৰ ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘এই সংস্কাৰ প্ৰক্ৰিয়া যুক্তিপূৰ্ণ ভাবে সম্পন্ন হ’ব নে নহয়, সেই লৈ এতিয়া ভাৰতৰ জনসাধাৰণ উদ্বিগ্ন। আৰু কিমান দিন সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ পৰা বাহিৰত থাকিব লাগিব ভাৰত?’ প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰশ্ন কৰে- ‘সমগ্ৰ বিশ্বই যেতিয়া কোৰোণা মহামাৰীৰ কবলত পৰিছিল, সেই সময়ত ৰাষ্ট্ৰসংঘৰ ভূমিকা কি আছিল?’

নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সভাত লগতে ক’লে যে, বিশ্বৰ আটাইতকৈ ডাঙৰ ভেকচিন উত্‍পাদক দেশ হিচাপে ভাৰতে অন্যান্য দেশলৈও ভেকচিন যোগান ধৰিব। যাতে কোৰোণাৰ পৰা মুক্তি দিবলৈ অন্যান্য দেশকো সহায় কৰিব পাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতৰ ভেকচিন উত্‍পাদন আৰু যোগানৰ ক্ষমতাই সমগ্ৰ মানৱ জাতিক সংকটৰ পৰা মুক্ত কৰাৰ বাবে চেষ্টা চলাব। অতিমাৰীৰ এই কঠিন সময়ত ভাৰতৰ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানসমূহে বিশ্বৰ ১৫০ খন দেশলৈ জৰুৰী ভাবে ঔষধৰ যোগান ধৰিছে।
Published by: Himangshu Bhuyan
First published: September 26, 2020, 8:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading