পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীক গ্ৰেপ্তাৰ

নেচনেল একাউণ্টেবিলিটি ব্যূৰ’ (NAB)ৰ ১৫ জনীয়া দলে আৰক্ষীৰ সহায়ত পিপিপিৰ উপ–সভাপতি আছিফ আলী জৰ্দাৰীক ইছলামাবাদৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

news18assam
Updated:June 10, 2019, 6:20 PM IST
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীক গ্ৰেপ্তাৰ
নেচনেল একাউণ্টেবিলিটি ব্যূৰ’ (NAB)ৰ ১৫ জনীয়া দলে আৰক্ষীৰ সহায়ত পিপিপিৰ উপ–সভাপতি আছিফ আলী জৰ্দাৰীক ইছলামাবাদৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।
news18assam
Updated: June 10, 2019, 6:20 PM IST
ভুৱা বেংক একাউণ্ট গোচৰত গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰী। সংবাদ প্ৰতিষ্ঠান ANI–এ পাকিস্তানী মিডিয়াৰ সূত্ৰৰ পৰা এই খবৰ প্ৰকাশ কৰিছে। নেচনেল একাউণ্টেবিলিটি ব্যূৰ’ (NAB)ৰ ১৫ জনীয়া দলে আৰক্ষীৰ সহায়ত পিপিপিৰ উপ–সভাপতি আছিফ আলী জৰ্দাৰীক ইছলামাবাদৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামান পূৰ্বে ইছলামাবাদ উচ্চ ন্যায়ালয়ে ভুৱা বেংক একাউণ্টৰ গোচৰত জৰ্দাৰী আৰু তেওঁৰ ভগ্নী ফৰয়াল তালপুৰৰ গ্ৰেপ্তাৰৰ সময় বৃদ্ধিৰ বাবে কৰা আবেদন খাৰিজ কৰে। আদালতৰ এই ৰায়ৰ পিছতে মহিলা বিষয়াসহ আৰক্ষীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰে। তাৰ পূৰ্বে আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ দিশে যোৱা সকলো পথ বন্ধ কৰি দিয়ে।

 


আৰু চাওক পৰৱৰ্তী বাতৰি