বহুতেই কয় বহু নিষিদ্ধঘোষিত সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ একাংশই কানি খেতি কৰে৷ অৰ্থনৈতিকভাৱে স্বাবলম্বী হ'বলৈ পাহাৰৰ তলীত বা পাহাৰৰ এঢলীয়া মাটিত কৰে ভাং অথবা কানিৰ খেতি৷ ইয়াৰ বিপৰীতে একাংশ লোকেও গোপনে পাহাৰত বা চৰ অঞ্চলত কৰে মহাবিহ কানিৰ খেতি৷
এইবোৰ খবৰ ওলায়ে থাকে৷ কিন্ত এইবেলি আমি বেলেগ এটা খবৰহে দিব বিচাৰিছো৷ খবৰটো হ'ল সশস্ত্ৰ বিদ্ৰোহী সংগঠনে কানি খেতি ধ্বংস কৰাৰ খবৰ৷ কোনো অজ্ঞাত লোকে কৰা কানি খেতি ধ্বংস কৰাত নামিলে এজাক বিদ্ৰোহী৷
হাতে হাতে লাঠি, কান্ধত অত্যাধুনিক মাৰণাস্ত্ৰ৷ মানে AK ছিৰিজৰ ৰাইফল৷ সশস্ত্ৰ বিদ্ৰোহীৰ এটা গোটে পাহাৰৰ নামনিত চলালে কানি খেতিৰ বিৰুদ্ধে অভিযান৷ অভিযান মানে কানি খেতি ধ্বংস কৰাত নামিল এজাক সশস্ত্ৰ বিদ্ৰোহী৷ সংগ দিলে একাংশ গঞায়ো৷ এয়া চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ খবৰ৷
পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)-এ আশ্ৰয় লোৱা ম্যানমাৰত কানি খেতি ধ্বংস যজ্ঞত নামিল কাচিন ইণ্ডিপেণ্ডেণ্ট আৰ্মী৷ অৰ্থাৎ KIAই চলালে এই কানি খেতি ধ্বংসৰ অভিযান৷ ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰী পৰ্যন্ত ম্যানমাৰৰ কাচিন প্ৰদেশত KIAই চলোৱা কানি খেতি ধ্বংস যজ্ঞত ধ্বংস হয় কেইবাশ বিঘা কানি খেতি৷
KIAৰ দহ নং বিগ্ৰেডে নৰ্ডাণ শ্বান প্ৰদেশৰ কুৱালা ল'নে টাউনশ্বীপৰ সমীপৰ পাহাৰত কোনো লোকে কৰা শ শ বিঘা কানি খেতি ধ্বংস ইতিমধ্যে কৰে৷ উল্লেখযোগ্য যে ১৯৮৪ত কাচিনত আলফাৰ প্ৰথমটো গোটে এই KIAৰ অধীনতেই প্ৰশিক্ষণ গ্ৰহণ কৰিছিল৷ KIAৰ সৈতে এতিয়াও পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ আছে মধুৰ বন্ধুত্ব৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|