সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এতিয়া মুখ খুলিছে জিমি নামৰ দুৰ্ভগীয়া মহিলাগৰাকীয়ে
সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এতিয়া মুখ খুলিছে জিমি নামৰ দুৰ্ভগীয়া মহিলাগৰাকীয়ে
নিজৰ জীয়ৰীৰ লগতে মাতৃয়ে কৰিলে বিশ্বাসঘাতকতা! জোৱাইৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হ’ল শাহু। সম্প্ৰতি এই খবৰে তোলপাৰ লগাইছে ছচিয়েল মিডিয়া। নিজৰ মাতৃৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ আনিছে টিকটক ষ্টাৰ জিমিয়ে। ঘটনা ইমানতে শেষ নহয়, এই সম্পৰ্কৰ কথা নিজৰ সন্তানে জনাইছিল জিমিক। সন্তানে নিজৰ আইতাক আৰু দেউতাকক আপত্তিজনক অৱস্থাত দেখিছিল। পিছত এই সকলো কথা জিমিক জনাই সন্তানে। এই কথা পোহৰলৈ অহাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এনেধৰণৰ যে ঘটনা ঘটিব পাৰে, সেই কথা কোনেও কল্পনাই কৰিব পৰা নাছিল!
জিমিয়ে জনাইছে যে, ‘তেওঁৰ ৩৩তম জন্মদিনৰ দিনাৰ দিনা স্বামীয়ে স্বীকাৰ কৰে যে, এগৰাকী মহিলাৰ সৈতে স্বামীৰ আছে অবৈধ সম্পৰ্ক। কিন্তু সেইসময়ত জিমিয়ে মহিলাগৰাকীৰ পৰিচয় জনা নাছিল। ইয়াৰ পিছতে স্বামী ঘৰ ত্যাগ কৰি নিজ মাতৃৰ ঘৰলৈ উভতি আহে জিমি। তেতিয়ালৈকে তেওঁ জনা নাছিল যে, স্বামীৰ অবৈধ সম্পৰ্ক থকা মহিলাগৰাকী তেওঁৰেই মাতৃ।
পিছত জিমিয়ে জানিব পাৰে যে, প্ৰায় ৫ বছৰৰ পূৰ্বৰে পৰা জিমিৰ মাতৃ আৰু স্বামীয়ে চলাই আহিছিল অবৈধ সম্পৰ্ক। সেই কথা দুৰ্ভগীয়া মহিলাগৰাকীক জনাই তেওঁৰ পুত্ৰই। পুত্ৰই বহুবাৰ আপত্তিজনক অৱস্থাত দেখিছিল নিজৰ দেউতাক আৰু আইতাকক। এইবোৰ কথা জানিব পাৰি মাতৃ ঘৰ ত্যাগ কৰাৰ লগতে স্বামীৰ সৈতে বিবাহ বিচ্ছেদো কৰে জিমিয়ে। আৰু সন্তানৰ সৈতে বেলেগকৈ থাকিবলৈ লয়।
২০১৭ চনৰ এই ঘটনাতো এতিয়া ৰাজহুৱাকৈ উল্লেখ কৰিছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে এতিয়া নিজৰ স্বামী আৰু মাতৃৰ বিৰুদ্ধে আইনৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|