ভাৰত ভ্ৰমণত থকা ৱেষ্ট ইণ্ডিজ (West Indies) ক্ৰিকেট দলৰ অধিনায়ক কেইৰণ পোলাৰ্ড (Kieron Pollard) সন্ধানহীন বুলি ছচিয়েল মিডিয়াত ভাইৰেল (Viral News) হৈ পৰিছে এটা বাতৰি। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰ ডোৱাইনে ব্ৰেভো (Dwayne Bravo)ৱে এটা মিম শ্বেয়াৰ কৰি কেইৰণ পোলাৰ্ডক লৈ প্ৰচণ্ড ধেমালি কৰা ইষ্ট্ৰাগ্ৰাম পোষ্ট ভাইৰেল হৈ পৰিছে। ব্ৰেভোৱে লিখিছে 'মোৰ বেষ্ট ফ্ৰেইণ্ড সন্ধানহীন হৈ আছে।' উল্লেখ্য যে ভাৰতৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত পৰাজিত হোৱাৰ পিছত দ্বিতীয়খন এদিনীয়াত অধিনায়ক কেইৰণ পোলাৰ্ডে খেলা নাছিল আৰু সেইখনতো পৰাজিত হৈছিল ৱেষ্ট ইণ্ডিজ দল। তাৰ পিছতে কেইৰণ পোলাৰ্ডক এনেদৰে শেল মৰাদি ট্ৰ’ল কৰি ইষ্ট্ৰাগ্ৰামত 'পোলাৰ্ড সন্ধানহীন' (Pollard Missing) বুলি চুড়ান্ত ৰসিকতা কৰি এক পোষ্ট শ্বেয়াৰ কৰে।
ব্ৰেভোৱে ইনষ্টাগ্ৰামত পোলাৰ্ডৰ ফটো শ্বেয়াৰ কৰি ৩৪ বছৰ বয়সৰ, ১.৮৫ মিটাৰ উচ্চতাৰ পোলাৰ্ড সন্ধানহীন বুলি উল্লেখ কৰে। অন্তিমবাৰৰ বাবে পোলাৰ্ডক চাহালৰ পকেট ("Last Seen: In Chahal's pocket")ত দেখা গৈছিল আৰু কোনোবাই সন্ধানহীন পোলাৰ্ডৰ খবৰ পালে ৱেষ্ট ইণ্ডিজৰ সৈতে যোগাযোগ কৰক বুলিও ব্ৰেভোৱে লিখিছিল।
উল্লেখযোগ্য যে, ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ প্ৰথমখন এদিনীয়াত পোলাৰ্ড প্ৰথমটো বলতে য়ুজৱেন্দ্ৰ চাহাল (Yuzvendra Chahal)ৰ চিকাৰ হৈছিল। প্ৰথমখন এদিনীয়াত ব্যৰ্থতাৰ পিছত পোলাৰ্ড দ্বিতীয়খন এদিনীয়াত খেলা নাছিল। আঘাটৰ বাবেই পোলাৰ্ডে খ্লিব পৰা নাছিল আৰু তিনিখনীয়া শৃংখলাটোৰ অন্তিমখন এদিনীয়াতো পোলাৰ্ডে খেলিব নোৱাৰিব।
ব্ৰেভোৰ এই পোষ্টৰ পাছতে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। একাংশ ক্ৰিকেট অনুৰাগীয়ে কয় যে পোলাৰ্ড বৰ্তমান মুম্বাই ইণ্ডিয়ানছৰ কেম্পত আছে আৰু শীঘ্ৰে আইপিএলত দেখা পাব বুলিও তাচ্ছিল্যসূচক মন্তব্য কৰে।
অৱশ্যে ব্ৰেভোৰ এই পোষ্টটোত পোলাৰ্ডে নিজেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি "Gotta love them," বুলি লিখিল লাফিং ইমোজি শ্বেয়াৰ কৰিছে। হৰভজন সিঙকে ধৰি কেইবাগৰাকী ভাৰতীয় ক্ৰিকেটাৰেও ৰিয়েক্ত কৰিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : February 11, 2022, 16:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।