• Home
  • »
  • News
  • »
  • world
  • »
  • ভাৰত-ভূটান সীমান্তবাসীলৈ সুখবৰ! আঢ়ৈ বছৰৰ অন্তত ২৩ ছেপ্টেম্বৰত পুনৰ খোল খাব চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশদ্বাৰ

ভাৰত-ভূটান সীমান্তবাসীলৈ সুখবৰ! আঢ়ৈ বছৰৰ অন্তত ২৩ ছেপ্টেম্বৰত পুনৰ খোল খাব চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশদ্বাৰ

ভূটানৰ প্ৰৱেশদ্বাৰ বন্ধ কৰাৰ ফলত দৰঙামেলা অঞ্চলৰ ব্যৱসায়- বানিজ্য সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছিল। বহুলোকে কামৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰিব লগা হৈছিল।

ভূটানৰ প্ৰৱেশদ্বাৰ বন্ধ কৰাৰ ফলত দৰঙামেলা অঞ্চলৰ ব্যৱসায়- বানিজ্য সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছিল। বহুলোকে কামৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰিব লগা হৈছিল।

ভূটানৰ প্ৰৱেশদ্বাৰ বন্ধ কৰাৰ ফলত দৰঙামেলা অঞ্চলৰ ব্যৱসায়- বানিজ্য সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছিল। বহুলোকে কামৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰিব লগা হৈছিল।

  • Share this:
ভাৰত-ভূটান সীমান্তবাসীলৈ এক সুখবৰ ৷ অহা ২৩ ছেপ্টেম্বৰত পুনৰ খুলিব চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশদ্বাৰ। কোভিড পৰিস্থিতিৰ বাবে প্ৰায় আঢ়ৈ বছৰ বন্ধ হৈ আছিল ভূটান ৰাষ্ট্ৰৰ প্ৰৱেশদ্বাৰ সমূহ। এই সময়ছোৱাত ভাৰতীয় লোক তথা পৰ্যটকৰ বাবে ভূটানত প্ৰৱেশ নিষিদ্ধ আছিল। ইফালে ভূটানৰ লোকসকলকো নিষিদ্ধ কৰা হৈছিল ভাৰতলৈ অহাৰ ক্ষেত্ৰত। প্ৰায় আঢ়ৈ বছৰৰ পিছত ভূটান চৰকাৰে প্ৰৱেশদ্বাৰসমূহ পুনৰ মুকলি কৰি দিয়া হ’ব যাৰ বাবে এতিয়া ভূটান সীমান্তত বসবাস কৰা ভাৰতীয় ব্যৱসায়ীসকল উৎফুল্লিত হৈ পৰিছে। ইতিমধ্যে ভূটীয়াসকলকো আদৰিবলৈ সাজু হৈছে ভাৰতীয় ব্যৱসায়ীসকল ৷

তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী ভূটানৰ চানদ্ৰুৱ জংখাৰ জিলাৰ প্ৰৱেশদ্বাৰ খোলাকলৈও সীমান্তৰ বিশেষকৈ দৰঙামেলাৰ ব্যৱসায়ীসকল উৎসাহিত হৈ পৰিছে। উল্লেখ্য যে, ভূটানৰ প্ৰৱেশদ্বাৰ বন্ধ কৰাৰ ফলত দৰঙামেলা অঞ্চলৰ ব্যৱসায়- বানিজ্য সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছিল।বহুলোকে কামৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰিব লগা হৈছিল। বন্ধ হৈ গৈছিল দৰঙামেলা অঞ্চলৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠান। বিগত আঢ়ৈ বছৰত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল দৰঙামেলাৰ বানিজ্যিক দিশ। কাৰণ ভূটীয়া লোকসকলৰ ওপৰত নিৰ্ভৰ কৰিয়েই সীমান্ত অঞ্চলত বৃহৎ ব্যৱসায় গঢ় লৈ উঠিছিল।

দৰঙামেলাৰ পৰা ভূটানলৈ বহু অত্যাৱশ্যকীয় সামগ্ৰী ৰপ্তানি হোৱাৰ লগতে দৈনিক কেইবাশতাধিক লোকে ভূটানত বিভিন্ন কামত নিয়োগ হৈ পোহ–পাল কৰি আহিছিল নিজৰ পৰিয়াল। কিন্তু কোভিড পৰিস্থিতিৰ বাবে ভূটান চৰকাৰে প্ৰৱেশদ্বাৰসমূহ বন্ধ কৰি দিয়াত এক প্ৰকাৰ সীমান্ত অঞ্চলত আহুকালৰ সৃষ্টি হৈছিল।

শেহতীয়াকৈ কোভিড পৰিস্থিতি সম্পূৰ্ণৰূপে শিথিল হোৱাত অহা ২৩ ছেপ্টেম্বৰত পুনৰ মুকলি কৰিব ভূটানৰ চানদ্ৰুৱ জংখাৰ জিলাৰ প্ৰৱেশদ্বাৰ ৷ সেয়েহে এতিয়া দৰঙামেলাক নতুনকৈ সজোৱাত ব্যস্ত হৈ পৰিছে ইয়াৰ ব্যৱসায়ীসকল। প্ৰৱেশদ্বাৰ মুকলিয়ে পুনৰ দৰঙামেলাক উজ্জীৱিত কৰিব বুলি আশা ব্যক্ত কৰিছে ব্যৱসায়ীসকলে। অৱশ্যে ভূটান কৰ্তৃপক্ষই ভাৰতীয় লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত কেতবোৰ নতুন নিয়ম সংযোজন কৰিছে যিবোৰ পালন কৰিহে ভূটানত প্ৰৱেশ কৰিব পাৰিব বুলি জানিব পৰা গৈছে।
Published by:Sehnaz Begum
First published: