২০০০ বছৰ পুৰণি কবৰৰ পৰা ওলাল সোণৰ জিভা থকা মামি!

News18 Assam | News18-Assam
Updated:February 2, 2021, 7:18 PM IST
২০০০ বছৰ পুৰণি কবৰৰ পৰা ওলাল সোণৰ জিভা থকা মামি!
Photo Courtesy: Egypt's Ministry of Tourism and Antiquities

এই সোণৰ জিভাৰ উপৰি এটা মামিৰ মৱৰত সাপ খোদিত সোণৰ মুকুট পোৱা গৈছে। পোৱা গৈছে বুকুলৈ পৰা সোণৰ হাৰ, য’ত বাজ চৰাই খোদিত আছে।

  • Share this:
মিছৰৰ বিখ্যাত তাইপোছাইৰিছ মেগনা মন্দিৰ অঞ্চলৰ আশে–পাশে প্ৰত্নতাত্বিকসকলে চলাইছিল খননকাৰ্য। ইউনিভাৰ্ছিটী অব সান্তো দমিনগো আৰু তাৰ ফালৰ পৰা অধ্যাপক কেথলিন মাৰ্টিনেজৰ তত্বাৱধানত এই খননকাৰ্যৰ জৰিয়তে ১৬টা কবৰ বিচাৰি পোৱা গৈছিল। আৰু তাৰ ভিতৰত এটা মামিৰ মুখৰ ভিতৰত কিবা এটা জিলিকি থকা দেখি অবাক হৈ পৰে গৱেষকসকল। পিছত দেখা গ’ল সেয়া আচলতে এখন সোণৰ জিভা!

সোণৰ এই জিভাখনক লৈ চলিছে জল্পনা–কল্পনা। সঠিক কাৰণ নিশ্চিতভাৱে কোৱাটো যদিও সম্ভৱ নহয়, বহুতৰ অনুমান এই মৃত লোকজন যাতে পাতাললৈ ৈ মৃত্যুলোকৰ দেৱতা আছিৰিছৰ সৈতে কথা পাতিব পাৰে তাৰ বাবেই দিয়া হৈছিল সোণৰ জিভা। যেতিয়া এই মৃতদেহটো মমিফাইড কৰা হৈছিল তেতিয়াই এই জিভা বহুৱাই দিয়া হৈছিল।

এই সোণৰ জিভাৰ উপৰি এটা মামিৰ মৱৰত সাপ খোদিত সোণৰ মুকুট পোৱা গৈছে। পোৱা গৈছে বুকুলৈ পৰা সোণৰ হাৰ, য’ত বাজ চৰাই খোদিত আছে।

মিছৰৰ এই অঞ্চল বহু বছৰ ধৰি ঐতিহাসিক আৱিষ্কাৰৰ বাবে বিখ্যাত। ক্লিওপেট্ৰাৰ প্ৰতিকৃতি শোভিত স্বৰ্ণমুদ্ৰাও পোৱা গৈছে ইয়াত। যাৰ পৰা অনুমান কৰিব পাৰি যে ক্লিওপেট্ৰাৰ সমকালীন ব্যক্তিসকলকো ইয়াত কবৰ দিয়া হৈছিল।
Published by: Sanjay Kumar Das
First published: February 2, 2021, 7:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি