২৩ বছৰীয়া ক্ৰিষ্টিনা ওজতুৰ্ক আৰু তেওঁৰ ৫৭ বছৰীয়া কোটিপতি স্বামী গালিপে পৰিয়াল সম্প্ৰসাৰিত কৰিবলৈ কৰি গৈছে এই কাম ।
২৩ বছৰীয়া ক্ৰিষ্টিনা ওজতুৰ্ক আৰু তেওঁৰ ৫৭ বছৰীয়া কোটিপতি স্বামী গালিপে পৰিয়াল সম্প্ৰসাৰিত কৰিবলৈ কৰি গৈছে এই কাম ।
এবছৰ পূৰ্বে মাত্ৰ এটি সন্তানৰ মাতৃ আছিল জৰ্জিয়া ক্ৰিষ্টিনা ওজতুৰ্ক । কিন্তু শেহতীয়াকৈ এবছৰতে পুনৰ ২০টাকৈ সন্তানৰ মাতৃ হৈ চৰ্চালৈ আহিছে ২৩ বছৰীয়া ক্ৰিষ্টিনা । দৰাচলতে এবছৰতে জন্ম হোৱা এই ২০ টা সন্তান হৈছে তেওঁৰ জৈৱিক সন্তানহে । Surrogacyৰ জৰিয়তে এবছৰতে এই ২০টা সন্তানৰ মাতৃ হৈছে তেওঁ ।
এটি ডাঙৰ পৰিয়ালৰ সপোন দেখা ক্ৰিষ্টিনা তেওঁৰ কোটিপতি স্বামী গালিপ ওজতুৰ্কে নিজৰ সপোন পূৰাবলৈ Surrogateসকলক প্ৰতিটো গৰ্ভধাৰণত প্ৰায় ৮ লাখকৈ টকা অৰ্থাত্ প্ৰায় ১.৫ কোটি টকা দিবলগীয়া হৈছে । যিয়ে তেওঁলোক দিছে ২০ টাকৈ সন্তান অৰ্থাত্ সম্প্ৰতি তেওঁলোক ২১ গৰাকী সন্তানৰ পিতৃ-মাতৃ ।
কেৱল এয়াই নহয়, এই পৰিয়াল চোৱা-চিতা কৰাৰ বাবে তেওঁলোকৰ আছে ১৬গৰাকী লিভ-ইন নানী । যাৰ নামত দম্পতীহালে প্ৰতি বছৰে খৰচ কৰিব লাগে ৬৯ লাখৰো অধিক ধন ।
ৰাছিয়াৰ যুৱতী ২৩ বছৰীয়া ক্ৰিষ্টিনাই ওজতুৰ্কে জৰ্জিয়া ভ্ৰমণৰ সময়চোৱাত তেওঁৰ কোটিপতি স্বামী ৫৭ বছৰীয়া গালিপক প্ৰথমবাৰৰ বাবে লগ পাইছিল । নিজৰ জন্মভূমি তুৰ্কীত আজীৱন কাৰাদণ্ড লাভ কৰাৰ পিছত জৰ্জিয়ালৈ স্থানান্তৰিত হৈছিল গালিপ । ক্ৰিষ্টিনাই গালিপ লগ পোৱাৰ পূৰ্বে ইতিমধ্যে বিবাহিত আছিল গালিপ । তাৰ পিছত দুয়োয়ে এক ডাঙৰ পৰিয়াল গঢ়াৰ সপোন দেখিছিল । সেই সপোন পূৰাবলৈয়ে এই সিদ্ধান্ত লয় দুয়োয়ে আৰু সম্প্ৰতি ২১টাকৈ সন্তানৰ পিতৃ-মাতৃ দুয়ো ।
এই সম্পৰ্কত ক্ৰিষ্টিনাই কয় যে তেওঁ সকলো সময়তে তেওঁৰ সন্তানৰ সৈতে থাকে আৰু সাধাৰণতে মাতৃয়ে কৰা সকলো কাম কৰি যায় ।
গালিপ আৰু ক্ৰিষ্টিনা ভিক্টোৰিয়া নামৰ এগৰাকী ৬ বছৰীয়া সন্তানৰ মাতৃ । বিগত বছৰ মাৰ্চত প্ৰথমে তেওঁলোকে মুস্তাফা নামৰ চাৰোগেটৰ জৰিয়তে এটি ল'ৰা সন্তান আদৰণি জনাইছিল । এতিয়া তেওঁলোকৰ ওচৰত চাৰি মাহৰ পৰা ১৪ মহীয়া সন্তান আছে।
তিনিমহলীয়া প্ৰাসাদত বাস কৰা কোটিপতি পৰিয়ালটোৱে প্ৰতি সপ্তাহত ২০টাকৈ ডাঙৰ পেকেজৰ নেপী আৰু ৫৩ টা কেঁচুৱাৰ ফৰ্মুলাৰ পেকেজ ব্যৱহাৰ কৰে। ক্ৰিষ্টিনাই দ্য চানক জনায় এনেদৰে, "সকলো শিশুৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে প্ৰতি সপ্তাহত প্ৰায় ৩ৰ পৰা ৪লাখ টকা খৰচ হয়। কেতিয়াবা অলপ বেছি, কেতিয়াবা অলপ কম।" লগতে মহিলাগৰাকীয়ে কয় যে তেওঁলোকৰ ছয় বছৰীয়া কন্যাই কণমানি ভাই-ভনীৰ সৈতে খেলিবলৈ, তেওঁলোকক খুৱাবলৈ খুব ভাল পায়।
ক্ৰিষ্টিনাই ভৱিষ্যতে অধিক চাৰোগেট সন্তানৰ পৰিকল্পনা নাই বুলি উল্লেখ কৰে যদিও প্ৰাকৃতিকভাৱে অধিক সন্তান জন্ম দিয়াৰ কথা অস্বীকাৰ কৰা নাই। তেওঁ কয়, "মই মোৰ গৰ্ভধাৰণৰ পৰিকল্পনা কৰি আছো, কিন্তু পোনপটীয়াকৈ নহয়, কিয়নো এতিয়া মই মোৰ সন্তানৰ সৈতে ঘনিষ্ঠ হোৱা প্ৰয়োজন। গৰ্ভৱতী হ'লে ২১ টা শিশুৰ বাবে মাতৃ হোৱাটো কঠিন হৈ পৰিব।"
উল্লেখ্য যে,পৰ্যটন, পৰিবহন আৰু বিত্তীয় ক্ষেত্ৰত কাম কৰা গালিপ মূলতঃ তুৰ্কীৰ কিন্তু ফৰ্বছৰ মতে ২০১৩ চনৰ পৰা জৰ্জিয়াত বাস কৰি আছে। তুৰ্কী কোম্পানী মেট্ৰ' হোল্ডিংৰ প্ৰতিষ্ঠাপক আৰু জৰ্জিয়াত গালিপৰ ৫০০ নিযুত ডলাৰৰ বিনিয়োগ আছে।
ওজতুৰ্কে ক্ৰিষ্টিনাৰ পূৰ্বে হুলায়া ওজতুৰ্কৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ ৯টা সন্তান আছিল, যি তুৰ্কীত বাস কৰে আৰু কাম কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|