বিতৰ্কৰ অৱসান! বিশ্বকাপৰ পৰৱৰ্তী মেচত ধোনীয়ে পৰিধান নকৰে ‘বলিদান’ চিহ্ন থকা গ্ল’ভছ!

ধোনীৰ প্ৰশংসাত পঞ্চমুখ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং। ক’লে ধোনী অন্যৰ দৰে নহয়

news18assam
Updated:June 8, 2019, 12:13 PM IST
বিতৰ্কৰ অৱসান! বিশ্বকাপৰ পৰৱৰ্তী মেচত ধোনীয়ে পৰিধান নকৰে ‘বলিদান’ চিহ্ন থকা গ্ল’ভছ!
ধোনীৰ প্ৰশংসাত পঞ্চমুখ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং। ক’লে ধোনী অন্যৰ দৰে নহয়
news18assam
Updated: June 8, 2019, 12:13 PM IST
বিশ্বকাপৰ পৰৱৰ্তী মেচত ‘বলিদান’ চিহ্ন থকা গ্ল’ভছ পিন্ধাত মহেন্দ্ৰ সিং ধোনীক আইচিচিয়ে বাধা দিয়াৰ  পিছত এইবাৰ বিষয়টোত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। যদি ‘বলিদান’ চিহ্ন থকা উইকেট কিপিং গ্ল’ভছ পৰিধান কৰিলে আইচিচিৰ নিয়ম উলংঘন কৰা হয়, তেন্তে বিশ্বকাপত ভাৰতে ভাগ লবলগীয়া পৰৱৰ্তী মেচ সমূহত  বলিদান চিহ্ন সম্বলীত উইকেট কিপিং গ্ল’ভছ পৰিধান নকৰাৰ সিদ্ধান্ত লৈছে মহেন্দ্ৰ সিং ধোনীয়ে।



একেসময়তে  ধোনীৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গৈছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙক। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ধোনীক এগৰাকী প্ৰকৃত দেশভক্ত আখ্যা দিয়াই নহয় তেওঁ অন্য লোকৰ নহয় বুলিও মন্তব্য কৰে।সেইদৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মহেন্দ্ৰ সিং ধোনী বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ ক্ৰিকেটাৰ বুলি অভিহিত কৰাৰ লগতে ধোনীয়ে নিজকে এগৰাকী প্ৰকৃত দেশভক্ত হিচাপেও প্ৰতিষ্ঠা কৰা বুলি মন্তব্য কৰে। ‘ধোনী অন্য লোক সকলৰ দৰে নহয়, যিয়ে দেশপ্ৰেম কি বুজি নাপায়। ধোনীৰ শৰীৰত প্ৰকৃত দেশভক্তি আছে। তেওঁ দেশৰ গৌৰৱৰ বাবে প্ৰতিজ্ঞাবদ্ধ।’– এনেদৰে ধোনীৰ পক্ষত থিয় দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।



ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা বিশ্বকাপৰ প্ৰথমখন খেলত ধোনীয়ে বলিদান চিহ্ন থকা উইকেট কিপিং গ্ল’ভছ পৰিধান কৰি খেলপথাৰত অৱতীৰ্ণ হোৱাৰ পিছতে বিষয়টোক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। বিষয়তো সন্দৰ্ভত পাকিস্তানী সমৰ্থকে ধোনীক কটু সমালোচনা কৰাও দেখা গৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি