অৱসৰ ল’ব নেকি মহেন্দ্ৰ সিং ধোনীয়ে? কি ক’লে BCCI–এ

চলিত বিশ্বকাপত ভাৰতীয় দলৰ প্ৰদৰ্শনক প্ৰশংসা কৰাৰ লগতে ছেমি ফাইনেলত পৰাজয় নিৰাশাজনক বুলি মন্তব্য কৰে বিচিচিআয়ে।

News18-Assam
Updated:July 11, 2019, 9:37 PM IST
অৱসৰ ল’ব নেকি মহেন্দ্ৰ সিং ধোনীয়ে? কি ক’লে BCCI–এ
চলিত বিশ্বকাপত ভাৰতীয় দলৰ প্ৰদৰ্শনক প্ৰশংসা কৰাৰ লগতে ছেমি ফাইনেলত পৰাজয় নিৰাশাজনক বুলি মন্তব্য কৰে বিচিচিআয়ে।
News18-Assam
Updated: July 11, 2019, 9:37 PM IST
মহেন্দ্ৰ সিং ধোনীৰ অৱসৰক লৈ এতিয়া ব্যাপকভাৱে চৰ্চা চলিছে। শীঘ্ৰে ধোনীয়ে এদিনীয়া ক্ৰিকেটক বিদায় দিব বুলি কোৱা হৈছে। এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিচিচিআইৰ কাৰ্যবাহী অধ্যক্ষ চি কে খান্না আৰু প্ৰশাসক সমিতিৰ সদস্য ডায়না ইডুল্জীয়ে। চলিত বিশ্বকাপত ভাৰতীয় দলৰ প্ৰদৰ্শনক প্ৰশংসা কৰাৰ লগতে ছেমি ফাইনেলত পৰাজয় নিৰাশাজনক বুলি মন্তব্য কৰে বিচিচিআয়ে।

ধোনীৰ সন্যাসক লৈ ডায়না ইডুল্জীয়ে কয় যে বিশ্বকাপত ধোনীয়ে যিধৰণৰ খেল দেখুৱালে তাৰ প্ৰশংসা কৰিছো। সন্যাস লোৱাটো তেওঁৰ নিজৰ সিদ্ধান্ত। কেৱল তেওঁহে এই সিদ্ধান্ত ল’ব পাৰে। মই ভাবো টীম ইণ্ডিয়াৰ যুৱ সদস্যসকলে ধোনীৰ মাৰ্গদৰ্শনৰ প্ৰয়োজন আছে।

টীম ইণ্ডিয়াৰ খেলক লৈ ইডুল্জীয়ে কয় যে দলে ভাল খেলিছে। দুৰ্ভাগ্যৰ কথা যে খেলখন দুদিন হ’ল। তিনিটা উইকেট সোনকালে পতন ঘটাত দলটো বেকফুটলৈ আহিছিল। কিন্তু ৰবীন্দ্ৰ জাদেজা আৰু ধোনীয়ে ছন্দ ওভতাই আনিছিল। বিজয়ৰ লক্ষ্য বহূ দূৰ নাছিল যদিও জয় সম্ভৱ নহ’ল।
আৰু চাওক পৰৱৰ্তী বাতৰি