অঘটন! প্ৰতিযোগিতাৰ মঞ্চৰ পৰাই “মিছেছ শ্ৰীলংকা”ৰ শিৰৰ পৰা কাঢ়ি নিয়া হ’ল বিজয়ৰ মুকুট! কান্দি কান্দি মঞ্চৰ পৰা নামি আহিল বিউটি কুইন পুষ্পিকা

News18 Assam | News18-Assam
Updated:April 8, 2021, 12:01 PM IST
অঘটন! প্ৰতিযোগিতাৰ মঞ্চৰ পৰাই “মিছেছ শ্ৰীলংকা”ৰ শিৰৰ পৰা কাঢ়ি নিয়া হ’ল বিজয়ৰ মুকুট! কান্দি কান্দি মঞ্চৰ পৰা নামি আহিল বিউটি কুইন পুষ্পিকা
কান্দি কান্দি খিতাপ জয় কৰা বিউটি কুইন পুষ্পিকা ডি চিলভাই ত্যাগ কৰে প্ৰতিযোগিতাৰ মঞ্চ।

কান্দি কান্দি খিতাপ জয় কৰা বিউটি কুইন পুষ্পিকা ডি চিলভাই ত্যাগ কৰে প্ৰতিযোগিতাৰ মঞ্চ।

  • Share this:
“মিছেচ শ্ৰীলংকা ২০২১”ৰ মঞ্চত সংঘটিত হ’ল এক নোহোৱা–নোপজা ঘটনা৷ অনুষ্ঠানৰ মাজতে প্ৰতিযোগিতাৰ অন্তত বিজয়ৰ প্ৰতীকৰূপে শিৰত পিন্ধোৱা মুকুট টানি–আঁজুৰি লৈ যোৱা হ’ল৷ পূৰ্বৰ মিছেছ শ্ৰীলংকা কেৰোলিন জুৰিয়ে মঞ্চতে কাঢ়ি নিলে বিজয়ৰ মুকুট৷

তাৰ পিছতে কান্দি কান্দি খিতাপ জয় কৰা বিউটি কুইন পুষ্পিকা ডি চিলভাই ত্যাগ কৰে প্ৰতিযোগিতাৰ মঞ্চ।

দৰাচলতে ২০১৯ চনৰ মিছেছ শ্ৰীলংকা খিতাপ বিজয়ী কেৰোলিন জুৰিয়ে এনে কাণ্ড সংঘটিত আঁৰত আছিল আন এক কাৰণ৷ তেওঁ দাবী কৰিছিল বিজয়ী পুষ্পিকা ডি চিলভা হৈছে এগৰাকী বিবাহ বিচ্ছেদিত মহিলা, যাৰ বাবে তেওঁ এই সন্মানৰ বাবে অযোগ্য।

কিয়নো প্ৰতিযোগিতাৰ নিয়ম অনুসৰি প্ৰতিযোগীসকল বিবাহ বিচ্ছেদিত হ’ব নোৱাৰিব। সেয়েহে প্ৰতিযোগিতাৰ মাজতে পূৰ্ব বিজয়ী কেৰোলিন জুৰিয়ে মঞ্চলৈ আহি প্ৰথম ৰানাৰ-আপৰ শিৰত পুনৰ পিন্ধাই দিয়ে বিজয়ৰ মুকুট আৰু তেওঁক বিজয়ী হিচাপে ঘোষণা কৰে।

কিন্তু পিছৰ পৰ্যায়ত তদন্তৰ অন্তত সকলো সত্য পোহৰলৈ অহাত আয়োজকসকলে জনায় যে, প্ৰকৃতাৰ্থত ডি চিলভাৰ বিবাহ বিচ্ছেদ হোৱা নাছিল আৰু ৰাজহুৱা মঞ্চত এনে ঘটনা সংঘটিত হোৱাৰ বাবে চিলভাৰ ওচৰত ক্ষমাও বিচাৰে আয়োজকসকলে। ইপিনে এই সন্দৰ্ভত মিছেছ শ্ৰীলংকা ৱৰ্ল্ডৰ ৰাষ্ট্ৰীয় সঞ্চালক চান্দিমল জয়াসিংঘীয়ে বিবিচিক জনায় যে বিজয়ৰ মুকুট সসন্মানেৰে ঘূৰাই দিয়া হ'ব পুষ্পিকা ডি চিলভাক।

লগতে জয়াসিংঘীয়ে উল্লেখ কৰে ,“কেৰোলিন জুৰিয়ে মঞ্চত দেখুওৱা আচৰণ অপমানজনক আছিল আৰু মিছেছ ৱৰ্ল্ড সংগঠনে ইতিমধ্যে বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে৷” 

ইপিনে বিজয়ী পুষ্পিকা ডি চিলভাই জনায় যে তেওঁ স্বামীৰ পৰা পৃথক হৈছিল কিন্তু তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা নাছিল। লগতে এটা ফেচবুক পোষ্টত ডি চিলভাই পিছত কৈছিল যে মঞ্চত সংঘটিত উক্ত ঘটনাৰ ফলত তেওঁ মানসিকভাৱে আঘাতপ্ৰাপ্ত হোৱা বাবে চিকিৎসালয়ত চিকিৎসা কৰিবলগীয়া হৈছে আৰু ইয়াৰ বিৰুদ্ধে তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

পিছত এখন সংবাদমেলযোগে ডি চিলভাই তেওঁৰ এই উপাধি একক মাতৃসকলক উৎসৰ্গা কৰে। তেওঁ কয়, "আজি মোৰ দৰে বহু অকলশৰীয়া মাতৃ শ্ৰীলংকাত আছে,যি বহু সমস্যাত ভুগি আছে। এই মুকুট সেই মহিলাসকলৰ বাবে উৎসৰ্গিত, যি সকল একক মাতৃয়ে তেওঁলোকৰ সন্তানক অকলে ডাঙৰ-দীঘল কৰিবলৈ সকলো সহ্য কৰিছে।"

আনফালে আৰক্ষীয়ে ঘটনাটোক লৈ জুৰি আৰু জয়াসিংঘী দুয়োকে সোধা-পোছা কৰিছে।
Published by: Sanjay Kumar Das
First published: April 8, 2021, 12:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি