সোণেৰে পৰিপূৰ্ণ পাহাৰৰ সন্ধান, হাতে হাতে কোৰ লৈ জনতাৰ ভিৰ, ক'ত ঘটিছে এই ঘটনা? চাওক Video

News18 Assam | News18-Assam
Updated:March 10, 2021, 4:00 PM IST
সোণেৰে পৰিপূৰ্ণ পাহাৰৰ সন্ধান, হাতে হাতে কোৰ লৈ জনতাৰ ভিৰ, ক'ত ঘটিছে এই ঘটনা? চাওক Video
সন্ধান পোৱা গৈছে সোণেৰে পৰিপূৰ্ণ এখন পাহাৰৰ। সোণ বিচাৰি, হাতে হাতে কোৰ লৈ জনতাই ভিৰ কৰিছে পাহাৰত।

সন্ধান পোৱা গৈছে সোণেৰে পৰিপূৰ্ণ এখন পাহাৰৰ। সোণ বিচাৰি, হাতে হাতে কোৰ লৈ জনতাই ভিৰ কৰিছে পাহাৰত।

  • Share this:
সন্ধান পোৱা গৈছে সোণেৰে পৰিপূৰ্ণ এখন পাহাৰৰ। সোণ বিচাৰি, হাতে হাতে কোৰ লৈ জনতাই ভিৰ কৰিছে পাহাৰত। এই পাহাৰৰ সন্ধান পোৱা গৈছে আফ্ৰিকাৰ কংগোত। কংগোৰ দক্ষিণ কিভু প্ৰদেশৰ লুহিহি নামৰ অঞ্চলৰ পাহাৰত সোণ ওলাইছে বুলি প্ৰচাৰ হোৱাৰ পিছতে হাজাৰ হাজাৰ লোকে পাহাৰখন খান্দিবলৈ আৰম্ভ কৰে। ইতিমধ্যে ইয়াৰ এক ভিডিও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

ইতিমধ্যে কংগো চৰকাৰৰ বিষয়-ববীয়া উপস্থিত হৈছেগৈ পাহাৰখনন স্থলীত। স্থানীয় একাংশ লোকৰ মতে ,পাহাৰ খনৰ মাটি, শিল আদিত ৬০ৰ পৰা ৯০ শতাংশলৈ সোণ আছে।



আনহাতে কংগোত বহু সোণৰ খনি থকা বুলি দাবী কৰিছে দেশ বিদেশৰ বহু কোম্পানীয়ে। সোণৰ সন্ধানত দেশখনৰ বিভিন্ন প্ৰান্তত এতিয়াও চলি আছে খনন কাৰ্য।
Published by: Himangshu Bhuyan
First published: March 10, 2021, 4:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি