বিশ্বৰ ভিতৰতে সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা বৃদ্ধি হ’ল। ৪ ফুট বৃদ্ধি হ’ল মাউণ্ট এভাৰেষ্টৰ উচ্চতা। নেপাল আৰু চীনে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে মাউণ্ট এভাৰেষ্টৰ উচ্চতা বৰ্তমান ২৯,০৩২ ফুট। পূৰ্বে উচ্চতা আছিল ২৯,০২৮ ফুট। প্ৰথমবাৰৰ বাবে দেশ দুখনে মাউণ্ট এভাৰেষ্টৰ উচ্চতা বৃদ্ধিৰ কথা সদৰি কৰিছে।
২০১৫ চনৰ ছাৰ্ভেত চীনে বৰফৰ তলত ঢাক খাই থকা এভাৰেষ্টৰ শিলাখণ্ডৰ উচ্চতা জুখিছিল আৰু ইয়াৰ উচ্চতা ২৯,০১৭ ফুট লাভ কৰিছিল।