আমেৰিকাৰ ফ্লোৰিডাৰ এগৰাকী মহিলাই নিজৰ দুগ্ধ বিক্ৰী কৰি এতিয়া চলাইছে সংসাৰ।
আমেৰিকাৰ ফ্লোৰিডাৰ এগৰাকী মহিলাই নিজৰ দুগ্ধ বিক্ৰী কৰি এতিয়া চলাইছে সংসাৰ।
মাতৃৰ মৰম! পৃথিৱীৰ একো বস্তুৰ লগতে তুলনা কৰিব নোৱাৰি মাতৃৰ মৰম। মাতৃ দুগ্ধও শিশুৰ শাৰীৰিক বিকাশৰ বাবে অতি উত্তম। কিন্তু মাতৃৰ এই দুগ্ধও এতিয়া বিক্ৰী কৰিবলগীয়া হৈছে। সন্তান বিক্ৰী কৰাৰ খবৰ প্ৰায়ে শুনিবলৈ পোৱা যায়। কিন্তু এইবাৰ সংঘটিত হৈছে মাতৃদুগ্ধ বিক্ৰী কৰাৰ দৰে ঘটনা। আমেৰিকাৰ ফ্লোৰিডাৰ এগৰাকী মহিলাই নিজৰ দুগ্ধ বিক্ৰী কৰি এতিয়া চলাইছে সংসাৰ। ৩২ বছৰীয়া মহিলাগৰাকীয়ে নিজৰ দুগ্ধ বিক্ৰী কৰাৰ ইচ্ছা প্ৰকাশ কৰি অনলাইনত বিজ্ঞাপনো জাৰি কৰিছে।
জুলি ডেনিছ নামৰ মহিলাগৰাকীয়ে যোৱা বছৰ চাৰ’গেছি মাধ্যমেৰে এটি শিশু জন্ম দিছিল। এতিয়া মহিলাগৰাকীয়ে নিজৰ দুগ্ধ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। এনেদৰে নিজৰ দুগ্ধ বিক্ৰী কৰি লক্ষাধিক টকা উপাৰ্জন কৰিছে মহিলাগৰাকীয়ে। শিশুৰ জন্মৰ ৬ মাহৰ পিছত আৰু মাতৃদুগ্ধৰ প্ৰয়োজন নহয়। কিন্তু তেতিয়াও প্ৰয়োজন হ’লে গাখীৰ যোগান ধৰাৰ ইচ্ছা প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে।
ডেনিছে জনাইছে যে, দুগ্ধ ক্ৰয় কৰাৰ সময়ত বহুতে দাম বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ডেনিছে প্ৰতি মাহে ১৫,০০০ লিটাৰ গাখীৰ ফ্ৰীজত ষ্টোৰ কৰে। আৰু আইচ পেক হিচাপে ৰাখি সমগ্ৰ দেশখনতে যোগান ধৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|