পুত্ৰৰ বিয়াত কইনা দেখি হতভম্ব মাতৃ, হ’বলগীয়া বোৱাৰী দেখোন নিজৰেই জীয়ৰী!

প্ৰতীকী ফটো
কইনাৰ হাত থকা বাৰ্থমাৰ্কটো দেখি মহিলাগৰাকী হতভম্ব হৈ পৰিছিল আৰু তেওঁৰ ছোৱালীজনীৰ একে ধৰণৰ বাৰ্থমাৰ্ক থকাৰ কথা মনত পৰে।
- News18 Assam
- Last Updated: April 7, 2021, 4:01 PM IST
মহিলাগৰাকীয়ে লগে লগে কইনাৰ পৰিয়ালৰ ওচৰলৈ গৈ তেওঁলোকক সুধিছিল যে ছোৱালীজনী তেওঁলোকে তুলি (Adopted) লৈছিল নেকি? এই প্ৰশ্নটোৱে পৰিয়ালটোক সম্পূৰ্ণৰূপে হতবাক কৰি তুলিছিল কিয়নো ছোৱালীজনী তুলি লোৱাৰ বাতৰিটো ইমান বছৰে গোপন হৈ আছিল। তেওঁলোকে ছোৱালীজনীক প্ৰায় ২০ বছৰ আগত তুলি লৈছিল। অৱশ্যে, তেওঁলোকে প্ৰকাশ কৰিছিল যে তাইক প্ৰায় ২০ বছৰ আগতে তুলি লোৱা হৈছিল। পৰিয়ালটোৱে ২০ বছৰ পূৰ্বে ৰাস্তাৰ কাষত পাইছিল কেঁচুৱা কন্যা সন্তানটি।
প্ৰকৃত পিতৃ-মাতৃৰ বিষয়ে জানিবলৈ পাই কইনাগৰাকীয়েও কান্দি উঠিছিল আৰু কৈছিল যে তাইৰ প্ৰকৃত–মাতৃক লগ পোৱাটো বিয়াৰ দিনটোতকৈ অধিক সুখকৰ। কিন্তু ঘটনাটো ইমানতে শেষ হোৱা নছিল।
মহিলাগৰাকীয়ে কৈছিল যে তেওঁ নিৰুদ্দিষ্ট জীয়ৰীক বিচাৰি পোৱাৰ সকলো আশা হেৰুৱাই ল’ৰা এটা তুলি লৈছিল। চীনৰ এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বহু বছৰ ধৰি মহিলাগৰাকীয়ে জীয়ৰীক বিচাৰি উলিয়াবলৈ চেষ্টা কৰাৰ পিছত, অৱশেষত আশা এৰি দিছিল। তাৰ পিছত এটি ল’ৰা তুলি লৈছিল। এই কথা জানিব পাৰি কইনাগৰাকীয়ে সকাহ পাইছিল আৰু দম্পতীহালে তেওঁলোকৰ বিবাহৰ ৰীতি-নীতি সম্পূৰ্ণ কৰিছিল।