পুত্ৰৰ বিয়া দিনাই মাতৃয়ে দিলে গৰ্ভৱতী হোৱাৰ খবৰ! বোৱাৰীৰ সৈতে একেলগে হ'ল অন্তঃসত্ত্বা

News18 Assam | News18-Assam
Updated:April 30, 2021, 4:30 PM IST
পুত্ৰৰ বিয়া দিনাই মাতৃয়ে দিলে গৰ্ভৱতী হোৱাৰ খবৰ! বোৱাৰীৰ সৈতে একেলগে হ'ল অন্তঃসত্ত্বা
পুত্ৰৰ বিয়াত মাতৃয়ে জনালে তেওঁ গৰ্ভৱতী। আনফালে সন্তান জন্ম দিয়াৰ সম্ভাৱনা তেওঁৰ বোৱাৰীয়েকেও।

পুত্ৰৰ বিয়াত মাতৃয়ে জনালে তেওঁ গৰ্ভৱতী। আনফালে সন্তান জন্ম দিয়াৰ সম্ভাৱনা তেওঁৰ বোৱাৰীয়েকেও।

  • Share this:
নিজৰ বিয়াক লৈ মানুহৰ মাজত বহু আশা, পৰিকল্পনা,সপোন থাকে ! বহু মানুহে আগতীয়াকৈ পৰিকল্পনা কৰে নিজৰ বিয়াৰ বাবে। তাৰে কিছু পূৰণ হয়, কিছু নহয়। কিন্তু বেছিকৈ সপোন দেখাও বেয়া! যদি বিয়াৰ অনুষ্ঠানত ভবা মতে নহয়, তেন্তে স্বাভাৱিক ভাবেই মন বেয়া হৈ যায়। আনকি খং ধৰি ৰখাই সমস্যা হৈ যায়।

তেনে অনুৰূপ ঘটনাই ঘটিল এটা দম্পত্তিৰ ক্ষেত্ৰত। নিজৰ বিয়াত তেওঁলোকে ভাবিছিল যে, পৰিয়াললৈ নতুন অতিথি অহাৰ সুখবৰটো সকলোকে জনাব। কিন্তু সেই ঠাইতে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে তেওঁলোকৰ মাতৃ। কাৰণ মাতৃগৰাকীয়ে ঘোষণা কৰিলে যে, তেওঁ তিনিমাহৰ গৰ্ভৱতী।

সমগ্ৰ ঘটনাটো মহিলাগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে যে, কোভিদ পৰিস্থিতিৰ মাজত তেওঁলোকৰ বিয়া একেবাৰে সাধাৰণ ভাবে পতা হৈছিল। কেৱল পৰিয়ালৰ লোকহে উপস্থিত আছিল। বিয়াৰ কিছুদিন পূৰ্বে তেওঁ জানিব পাৰিছিল যে, তেওঁ তিনিমাহৰ অন্তঃসত্ত্বা। এই সুখবৰটো বিয়াৰ দিনাই সকলোকে ৰাজহুৱা কৰাৰ পৰিকল্পনা কৰিছিল মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীয়ে। সেইসমতে তেওঁৰ শাহুৱে তেওঁলোকক কয় যে, খোৱাৰ টেবুলত তেওঁ কিছু বক্তব্য ৰাখিব বিচাৰে।  টেবুলত বহি মহিলাগৰাকীৰ শাহুৱেকে কয় যে, তেওঁ প্ৰেগনেণ্ট। শাহুৱেকৰ কথা শুনি সকলো আচৰিত হৈ পৰে। বিয়াখনত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে শাহু।

সেইসময়তে মহিলাগৰাকীয়ে স্বামীক কয় যে, তেওঁ প্ৰেগনেন্সীৰ কথা এতিয়া আৰু ৰাজহুৱা নকৰে। এই ঘটনাৰ পিছতে বহুদিন শাহুৱেকৰ সৈতে কথা-বতৰাও বন্ধ কৰে মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে সবিশেষ নিজৰ ছচিয়েল মিডিয়া ছাইটত শ্বেয়াৰ কৰিছে।
Published by: Himangshu Bhuyan
First published: April 30, 2021, 4:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি