মৰ্মান্তিক! ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু মাতৃসহ ৬ সন্তানৰ, গুৰুতৰভাৱে আহত পিতৃ

News18 Assam | News18-Assam
Updated:February 9, 2020, 4:49 PM IST
মৰ্মান্তিক! ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু মাতৃসহ ৬ সন্তানৰ, গুৰুতৰভাৱে আহত পিতৃ
অগ্নিকাণ্ডৰ সময়ত ঘৰৰ ভিতৰত আবদ্ধ সন্তানক ৰক্ষা কৰাৰ চেষ্টা চলাইছিল যদিও বিফল হয় পিতৃ।

অগ্নিকাণ্ডৰ সময়ত ঘৰৰ ভিতৰত আবদ্ধ সন্তানক ৰক্ষা কৰাৰ চেষ্টা চলাইছিল যদিও বিফল হয় পিতৃ।

  • Share this:
এক মৰ্মান্তিক ঘটনা। ভয়ংকৰ অগ্নিকাণ্ডত ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি ল’লে মাতৃৰ লগতে ৬ সন্তানে। এই ঘটনাত গুৰুতৰভাৱে আহত হয় শিশুকেইটাৰ পিতৃ। ঘটনাটো আমেৰিকাৰ মিছিছিপিৰ। ক্লিণ্টনস্থিত এটা ঘৰত মাজনিশা সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ সময়ত ঘৰৰ ভিতৰত আবদ্ধ সন্তানক ৰক্ষা কৰাৰ চেষ্টা চলাইছিল যদিও বিফল হয় পিতৃ। আহত লোকজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। প্ৰায় ৪৫ মিনিট সময় যুঁজি অগ্নিনিৰ্বাপক বাহনীয়ে নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
First published: February 9, 2020, 4:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading