• Home
  • »
  • News
  • »
  • world
  • »
  • অনলাইন ক্লাছত হঠাৎ কেমেৰাৰ আগত ওলাল নগ্ন মহিলা! টুইটাৰত ভাইৰেল ভিডিঅ’, চাওক

অনলাইন ক্লাছত হঠাৎ কেমেৰাৰ আগত ওলাল নগ্ন মহিলা! টুইটাৰত ভাইৰেল ভিডিঅ’, চাওক

ভিডিঅ’ত দেখা গৈছে, মহিলাগৰাকীয়ে অজানিতে ভিডিঅ’ৰ ফ্ৰেমত সোমাই পৰে।

ভিডিঅ’ত দেখা গৈছে, মহিলাগৰাকীয়ে অজানিতে ভিডিঅ’ৰ ফ্ৰেমত সোমাই পৰে।

ভিডিঅ’ত দেখা গৈছে, মহিলাগৰাকীয়ে অজানিতে ভিডিঅ’ৰ ফ্ৰেমত সোমাই পৰে।

  • Share this:
জুমত ঘৰতে চলিছিল অনলাইন ক্লাছ। সেয়া বোধহয় মহিলাগৰাকীয়ে লক্ষ্যই কৰা নাছিল। আৰু সেয়ে ঘটিল অথন্তৰ। একেবাৰে নগ্ন হৈ মহিলাগৰাকী হাজিৰ হ’ল কেমেৰাৰ আগত। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’।

কোৰোণা ভাইৰাছৰ প্ৰভাৱত এতিয়া নিয়মিত স্কুল–কলেজত পাঠদান হোৱা নাই। সকলো এতিয়া অনলাইন। অনলাইন ক্লাছ কৰিবলৈ গৈ সংঘটিত হৈছে বহু বিপত্তি। এইবাৰ সংঘটিত হ’ল আন এক ঘটনা। ঘৰত এটি কণমানিৰ অনলাইন ক্লাছ চলি থকাৰ সময়তে হঠাৎ কেমেৰাৰ আগত ওলাল এগৰাকী নগ্ন মহিলা। সম্ভৱত শিশুটিৰে মাতৃ।

তাৰ পিছতে টুইটাৰত ভাইৰেল হৈছে ভিডিঅ’। ভিডিঅ’ত দেখা গৈছে, মহিলাগৰাকীয়ে অজানিতে ভিডিঅ’ৰ ফ্ৰেমত সোমাই পৰে। শিক্ষয়িত্ৰীয়ে একাধিকবাৰ সতৰ্ক কৰি কেমেৰা বন্ধ কৰাৰ কথা কয় যদিও কণমানিটোৱে বুজিয়ে নাপালে কি ঘটিল। তাৰ পিছত মহিলাগৰাকীয়ে গম পাই তাৰ পৰা দৌৰ মাৰি আঁতৰি যায়।

কিন্তু পিছত সেই ভিডিঅ’টো ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। প্ৰায় ৬ মিলিয়ন লোকে প্ৰত্যক্ষ কৰিছে এই ভিডিঅ’টো।
Published by:Sanjay Kumar Das
First published: