உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Sirajuddin Haqqani: আমেৰিকা যুক্তৰাষ্ট্ৰৰ মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী এতিয়া আফগানৰ নতুন গৃহমন্ত্ৰী, কোন এই হাক্কানি?

    Sirajuddin Haqqani: আমেৰিকা যুক্তৰাষ্ট্ৰৰ মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী এতিয়া আফগানৰ নতুন গৃহমন্ত্ৰী, কোন এই হাক্কানি?

    হাক্কানি নেটৱৰ্কৰ অভিযানৰ কমাণ্ড চম্ভালিছে জালালুদ্দিন হাক্কানিৰ পুত্ৰ চিৰাজুদ্দিন হাক্কানিয়ে।

    হাক্কানি নেটৱৰ্কৰ অভিযানৰ কমাণ্ড চম্ভালিছে জালালুদ্দিন হাক্কানিৰ পুত্ৰ চিৰাজুদ্দিন হাক্কানিয়ে।

    হাক্কানি নেটৱৰ্কৰ অভিযানৰ কমাণ্ড চম্ভালিছে জালালুদ্দিন হাক্কানিৰ পুত্ৰ চিৰাজুদ্দিন হাক্কানিয়ে।

    • Share this:

    সমগ্ৰ আফগানিস্তান (Afghanistan) দখল কৰাৰ ২২ দিন পিছত মঙলবাৰে তালিবানে (Taliban) তেওঁলোকৰ চৰকাৰ ঘোষণা কৰে। কিন্তু তালিবানৰ চৰকাৰত থকা এগৰাকী ব্যক্তি এতিয়া তুমুল চৰ্চাৰ শীৰ্ষত আছে। তালিবানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী চিৰাজুদ্দিন হাক্কানি (Sirajuddin Haqqani)ক আফগানিস্তানৰ নতুন গৃহমন্ত্ৰী ৰূপে ঘোষণা কৰিছে। গোলকীয় সন্ত্ৰাসবাদীৰ তালিকাত নাম থকা চিৰাজুদ্দিন হাক্কানিৰ মূৰৰ দাম এসময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ৫ নিযুত ডলাৰ ঘোষণা কৰিছিল।


    তালিবানৰ মুখ্য মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে এখন সংবাদমেলত নতুন চৰকাৰৰ বিষয়ে অৱগত কৰিছিল। মোল্লা মহম্মদ হাছান আখুন্দ(Mullah Mohammad Hasan Akhund)ক তালিবান চৰকাৰত প্ৰধানমন্ত্ৰী ৰূপে ঘোষণা কৰাৰ লগতে মোল্লা আব্দুল গনি বাৰাদাৰ (Mullah Abdul Ghani Baradar) আৰু মোল্লা আব্দুছ ছালাম উপ–প্ৰধানমন্ত্ৰী হিচাপে আছে। তালিবানৰ মুৰব্বী শ্বেখ হব্দুল্লা অখুন্দজাদাক সৰ্বোচ্চ নেতা কৰা হৈছে, যাক আমিৰ-উল-আফগানিস্তান বুলি উল্লেখ কৰা হৈছে।


    হাক্কানি কোন?
    হাক্কানি পাকিস্তানৰ উত্তৰ ৱাজিৰিস্তানৰ পৰা আহিছে। ভয়ংকৰ সন্ত্ৰাসবাদী গোট হাক্কানি নেটৱৰ্ক পৰিচালনা কৰা চিৰাজুদ্দিন হাক্কানি পাকিস্তান উত্তৰ ৱাজিৰিস্তানৰ মিৰাম শ্বাহ অঞ্চলত বাস কৰে। হাক্কানি নেটৱৰ্কৰ এইজন সন্ত্ৰাসবাদীৰ নাম এতিয়াও এফবিআইৰ মোষ্ট ৱাণ্টেডৰ তালিকাত আছে।


    হাক্কানি নেটৱৰ্কৰ সৈতে সম্পৰ্কিত ১৫,০০০ সন্ত্ৰাসবাদী
    হাক্কানি নেটৱৰ্কৰ অভিযানৰ কমাণ্ড চম্ভালিছে জালালুদ্দিন হাক্কানিৰ পুত্ৰ চিৰাজুদ্দিন হাক্কানিয়ে। নিষ্ঠুৰতাৰ ক্ষেত্ৰত তেওঁ তেওঁৰ দেউতাকতকৈ আগবাঢ়ি আছে বুলি কোৱা হয়। চিৰাজুদ্দিন ২০০৮ চনৰ পৰা ২০২০ চনলৈ আফগানিস্তানত কেইবাটাও ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল। লগতে খবৰ পোৱা গৈছে যে ১৫,০০০ সন্ত্ৰাসবাদী হাক্কানি নেটৱৰ্কৰ সৈতে জড়িত।


    আমেৰিকাৰ ডাঙৰ শত্ৰু ৰূপে স্বীকাৰ
    আমেৰিকাই চিৰাজুদ্দিন হাক্কানিক ইয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হিচাপে গণ্য কৰে। ২০০৮ চনত আফগান ৰাষ্ট্ৰপতি হামিদ কাৰজাইক হত্যা কৰাৰ ষড়যন্ত্ৰত ভয়ংকৰ সন্ত্ৰাসবাদীজনৰ নামো উল্লেখ কৰা হৈছিল। চিৰাজুদ্দিনৰ বিৰুদ্ধে ২০০৮ চনৰ জানুৱাৰীত কাবুলৰ এখন হোটেলত বোমা আক্ৰমণৰ অভিযোগ আছে। এই আক্ৰমণত আমেৰিকানসহ ছজন লোক নিহত হৈছিল। আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে কৰ্ছ ব'ৰ্ডাৰ আক্ৰমণত চিৰাজুদ্দিনৰ হাত থকা বুলি গণ্য কৰা হৈছে।


    তালিবান-আল-কায়দা বন্ধু
    চিৰাজুদ্দিনৰ তালিবান আৰু আল-কায়দাৰ সৈতে ওতপ্ৰোত সম্পৰ্ক আছে বুলিও কোৱা হয়। নেটৱৰ্কৰ বৰ্তমানৰ মুৰব্বী চিৰাজুদ্দিন হাক্কানিক ২০১৫ চনত তালিবানৰ উপনেতা কৰা হৈছিল। সন্ত্ৰাসবাদী দলটোৱে এতিয়া পাকিস্তানৰ সৈতে পোনপটীয়া সম্পৰ্কৰ বাবে ভাৰতৰ বাবে যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে।


    পাকিস্তানে হাক্কানিক কিয় পছন্দ কৰে
    পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআয়ে হাক্কানি নেটৱৰ্কক আশ্ৰয় দি আহিছে আৰু সময়ে সময়ে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আহিছে। পূব আফগানিস্তানত হাক্কানি নেটৱৰ্কৰ সৰ্বাধিক প্ৰভাৱ আছে। আফগানিস্তানত কাৰ্যকৰী সংগঠনটোৰ আধাৰ পাকিস্তানৰ উত্তৰ-পশ্চিম সীমান্তত আছে।

    Published by:Gautam Barman
    First published: