মস্কোৰ পৰা গোৱা অভিমুখী বিমানত পুনৰ বোমাতংক। ২৪০জন যাত্ৰী লৈ মস্কোৰ পৰা গোৱা অভিমুখে যাত্ৰা কৰা এখন বিমান বোমাতংকৰ ফলত উজবেকিস্তানত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়।
সংবাদ প্ৰতিষ্ঠান পিটিআইৰ খবৰ অনুসৰি, এই চাৰ্টাৰ্ড বিমানখনৰ আজি পুৱা ৪.১৫ বজাত গোৱাৰ ডাবোলিম বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। আজুৰ এয়াৰ সংস্থাৰ এই বিমানখন ভাৰতীয় আকাশীসীমাত প্ৰৱেশৰ পূৰ্বেই উজবেকিস্তানৰ দিশে ঘূৰাই দিয়া হয় বুলি সংবাদ প্ৰতিষ্ঠানটোৰ সূত্ৰত প্ৰকাশ পাইছে।
এজন আৰক্ষী কৰ্মীৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠান পিটিআয়ে জনাইছে, কালি নিশা চাৰে ১২টা বজাত ডাবোলিম বিমানবন্দৰৰ ডিৰেক্টৰৰ অফিচত এখন ই–মেইল আহে। সেই ই–মেইলত দাবী কৰা হয়, মস্কোৰ পৰা গোৱা অভিমুখী সেই চাৰ্টাৰ্ড বিমানখনত বোমা ৰখা আছে। ইয়াৰ পিছতে ভাৰতীয় আকাশীসীমাত প্ৰৱেশৰ পূৰ্বে জৰুৰীভাৱে বিমানখন ঘূৰাই দিয়া হয়। উজবেকিস্তানৰ এটা বিমানবন্দৰত বিমানখন অৱতৰণ কৰোৱা হয়।
সংবাদ প্ৰতিষ্ঠান এএনআইৰ খবৰ অনুসৰি, আজুৰ সংস্থাৰ এই বিমানখন ৰাছিয়াৰ পাৰ্ম আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা গোৱালৈ আহিছিল। বিমানখনত মুঠ ২৩৮জন যাত্ৰী আছে। ইয়াৰ উপৰি ৭জন বিমানকৰ্মী আছে। এই ঘটনাৰ পিছতে ডাবোলিম বিমানবন্দৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয়। অতিৰিক্ত নিৰাপত্তা বাহিনীও মোতায়েন কৰা হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|