ঘৃণনীয়! মর্গৰ যুৱতীৰ মৰাশৰে ধাৰাবাহিক যৌন সংগম, গ্ৰেপ্তাৰ বিকৃত মানসিকতাৰ হাস্পতাল কৰ্মী

News18 Assam | News18-Assam
Updated:November 20, 2020, 10:44 PM IST
ঘৃণনীয়! মর্গৰ যুৱতীৰ মৰাশৰে ধাৰাবাহিক যৌন সংগম, গ্ৰেপ্তাৰ বিকৃত মানসিকতাৰ হাস্পতাল কৰ্মী
দিনৰ পিছত দিন ধৰি হাস্পতালৰ মৰ্গত যুৱতীৰ মৃতদেহৰ সৈতে যৌন সংগম কৰিলে মৰ্গৰ কৰ্মীয়ে।

দিনৰ পিছত দিন ধৰি হাস্পতালৰ মৰ্গত যুৱতীৰ মৃতদেহৰ সৈতে যৌন সংগম কৰিলে মৰ্গৰ কৰ্মীয়ে।

  • News18 Assam
  • Last Updated: November 20, 2020, 10:44 PM IST
  • Share this:
জঘন্য ঘটনা! দিনৰ পিছত দিন ধৰি হাস্পতালৰ মৰ্গত থকা যুৱতীৰ মৃতদেহৰ সৈতে যৌন সংগম কৰিলে মৰ্গৰ কৰ্মীয়ে। এই ঘৃণনীয় ঘটনা সংঘটিত হৈছে বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত। ঢাকাৰ চহৰায়াৰ্দী হাস্পতালত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত চি আই ডিয়ে মৰ্গৰ কৰ্মী মুন্না ভগৱতক গ্ৰেপ্তাৰ কৰিছে।

স্থানীয় সূত্ৰ অনুসৰি, শ্বহীদ চহৰায়াৰ্দী মেডিকেল কলেজ হাস্পতালৰ মৰ্গৰ প্ৰধান কৰ্মী জতন কুমাৰ লালেৰ ভাগিন মুন্না ভগৱত। যোৱা ২ বছৰ ধৰি মোমায়েকৰ সহকৰ্মী হিচাপে মৰ্গত কাম কৰি আছিল অভিযুক্ত যুৱকজনে। বৃহস্পতিবাৰে মৃত যুৱতীৰ সৈতে যৌন সংগম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় মুন্নাক। চিআইডিৰ এচিচটেণ্ট ছুপাৰিনটেণ্ডেণ্ট জিছান উল হকে কয় যে, ‘যোৱা বছৰ মাৰ্চ মাহৰ পৰাই অভিযুক্ত যুৱকজনে চলাই আহিছে এই অপকৰ্ম। মৃতদেহৰ সৈতে যৌন সংগম, এক ঘৃণনীয় অপৰাধ।’

চিআইডিৰ বিষয়াজনে জনাই যে, চহৰায়াৰ্দী মেডিকেল কলেজ হাস্পতালৰ ফৰেনছিক মেডিচিন বিভাগে কিছু হাই ভ্যাজাইনেল শ্বোৱাবৰ নমুনা সংগ্ৰহ কৰে। ডিএনএ টেষ্টত দেখা যায় যে, মৰ্গত থকা বহু যুৱতীৰ শৰীৰত এজন লোকৰেই শুক্ৰানু পোৱা গৈছে। তদন্তত পোহৰলৈ আহে এই অপৰাধৰ সৈতে জড়িত মৰ্গৰ এজন কৰ্মী। যি দিনৰ পিছত দিন ধৰি মৃত যুৱতীসকলৰ মৃতদেহৰ সৈতে যৌন সংগম কৰিছে।
Published by: Himangshu Bhuyan
First published: November 20, 2020, 10:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading