• Home
  • »
  • News
  • »
  • world
  • »
  • কোৰোণা নহয়, ছোমালিয়াত এতিয়া ধুমুহাৰ গতিত বাঢ়িছে এক বিশেষ সংক্ৰমণ! জ্বৰ, গাৰ বিষৰ লগতে পুৰুষৰ কাৰণে নামিছে অন্য বিপদ!

কোৰোণা নহয়, ছোমালিয়াত এতিয়া ধুমুহাৰ গতিত বাঢ়িছে এক বিশেষ সংক্ৰমণ! জ্বৰ, গাৰ বিষৰ লগতে পুৰুষৰ কাৰণে নামিছে অন্য বিপদ!

প্ৰতীকী ফটো

প্ৰতীকী ফটো

ছোমালিয়াৰ ৫০০ৰো অধিক লোক এই ৰোগত এই পৰ্যন্ত আক্ৰান্ত হৈছে। জ্বৰত ভুগিছে তেওঁলোক। সেইসকলৰ শৰীৰত এক অজানা চৰ্মৰোগ বাঢ়িছে।

  • Share this:
কোৰোণাৰ সংক্ৰমণত আজিও বিশ্ব কঁপি আছে। তাৰ মাজতে অন্য এক সংক্ৰমণে উদ্বিগ্ন কৰিছে সকলোকে। পশ্চিম আফ্ৰিকাৰ দৰিদ্ৰ দেশ ছোমালিয়াত অতি তীব্ৰতাৰে বাঢ়িছে এই সংক্ৰমণ। এই পৰ্যন্ত ৫০০জনৰো অধিক ছোমালিয়াৰ বাসিন্দা এই ৰোগত আক্ৰান্ত হৈছে। জ্বৰত ভুগিছে তেওঁলোক। সেইসকলৰ শৰীৰত এক অজানা চৰ্মৰোগ বিয়পি পৰিছে।

ছোমালিয়াৰ প্ৰশাসনৰ সূত্ৰ মতে, সংক্ৰমণৰ চিকাৰ এই ব্যক্তিসকলৰ অধিকাংশই মৎসজীৱি। তেওঁলোকক সমুদ্ৰত মাছ ধৰিবলৈ যাওঁতে এই সংক্ৰমণৰ বলি হোৱাৰ আশংকা কৰা হৈছে। বৰ্তমান আটাইকেইজন আক্ৰান্তক কোৱাৰানটাইনত ৰখা হৈছে। চিকিৎসকৰ কঠোৰ পৰ্যৱেক্ষণত আছে তেওঁলোক।

ছোমালিয়াৰ চিকিৎসা তথা স্বাস্থ্য মন্ত্ৰালয়ৰ সঞ্চালক ওচমান গুইয়ে কয়, তেওঁলোকে চৰ্মৰ কি ৰোগত আক্ৰান্ত হৈছে সেয়া স্পষ্ট ৰূপত বুজা নাযায়। ৰোগৰ ধৰণ দেখি সেয়া ডাৰমাইটিছৰ দৰে ধাৰণা হৈছে।

১৭ নৱেম্বৰত ছোমালিয়াৰ স্বাস্থ্যমন্ত্রালয়ৰ চাৰ্কুলাৰত এই ৰোগ সম্পৰ্কত বিস্তৃতভাৱে জনা যায়। তাত কোৱা হৈছে যে আক্ৰান্তসকল জ্বৰত আক্ৰান্ত হোৱাৰ লগতে মূৰ আৰু সৰ্বশৰীৰত বিষ অনুভৱ হয়। পুৰুষাংগতো ক্ষতি হোৱা দেখা গৈছে। লগতে দেখা গৈছে চৰ্মৰোগ।
First published: