মানুহতকৈ বুদ্ধিমান আৰু ৩০খন প্ৰাণীজগত আছে! পৃথিৱীৰ বাহিৰত জীৱৰ সন্ধানক লৈ আশ্বৰ্যকৰ তথ্য বিজ্ঞানীৰ

News18 Assam | News18-Assam
Updated:June 15, 2020, 8:02 PM IST
মানুহতকৈ বুদ্ধিমান আৰু ৩০খন প্ৰাণীজগত আছে! পৃথিৱীৰ বাহিৰত জীৱৰ সন্ধানক লৈ আশ্বৰ্যকৰ তথ্য বিজ্ঞানীৰ
মানুহে ইমানদিনে পৃথিৱীৰ বাহিৰত প্ৰাণৰ সন্ধান কৰি আহিছিল। 

মানুহে ইমানদিনে পৃথিৱীৰ বাহিৰত প্ৰাণৰ সন্ধান কৰি আহিছিল। 

  • Share this:
পৃথিৱীৰ বাহিৰত প্ৰাণৰ সঞ্চাৰ আছে নে নাই সেয়া এতিয়াও গৱেষণাৰ ভিতৰুৱা বিষয়। আজিলৈকে কোনো সঠিক প্ৰমাণ পোৱা নাই মানুহে। তথাপিও বিজ্ঞানীসকলে কৈছে, পৃথিৱীৰ নিজৰ নক্ষত্ৰজগত বা গেলেক্সীতে থাকিব পাৰে আৰু প্ৰাণীজগত। এটা দুটা নহয় ৩০টাকৈ প্ৰাণীজগতৰ অস্তিত্বৰ উমান পাইছে বিজ্ঞানীসকলে। কিন্তু সেইসমূহ আছে পৃথিৱীৰ পৰা বহুদূৰৈত প্ৰায় ১৭হাজাৰ আলোকবৰ্ষ দূৰত। গতিকে সেইসমূহৰ সৈতে পৃথিৱীৰ যোগাযোগ কৰাটো এককথাত অসম্ভৱ।

বিজ্ঞানীসকলৰ মতে, আমাৰ গেলেক্সীতে এই প্ৰাণীজগতসমূহৰ সন্ধান পোৱা সম্ভৱ। কিন্তু সেই সমূহৰ সৈতে যোগাযোগ কৰোতেই কমেও ৫০০কোটি বছৰ লাগি যাল। এনেদৰে কয়, ইউনিভাৰ্ছিটি অৱ নটিংহামৰ ক্ৰিষ্টোফাৰ কনছিলাছ নামৰ এজন বিজ্ঞানীয়ে। গৱেষণাত কোৱা হৈছে সংগ্ৰহ কৰা তথ্যত দেখা গৈছে, আমাৰ নিজৰ ছায়াপথতে একাধিক প্ৰাণৰ সন্ধান পোৱা গৈছে।

ইমানদিনে কল্পবিজ্ঞানতহে পৃথিৱীৰ বাহিৰত জীৱৰ সন্ধান তুলি ধৰা হৈছিল, মানুহে আচল অৰ্থত এই সন্দৰ্ভত গৱেষণা চলাইহে আছিল। কল্পবিজ্ঞানত তুলি ধৰিলেও বৈজ্ঞানিক প্ৰমাণ এইপৰ্যন্ত নোপোৱাৰ কাৰণে হৈছে পানী। পানীৰ অবিহনে জীৱন অসম্ভৱ আৰু এতিয়াও মহাকাশৰ ক’তো পানীৰ সন্ধান মানুহে পোৱা নাই।
First published: June 15, 2020, 8:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading