ভাৰতত মাংকী-পক্সৰ সংক্ৰমণৰ এটাও ঘটনা সংঘটিত হোৱা নাই যদিও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ইউৰোপত মাংকী-পক্সৰ ঘটনা বৃদ্ধিৰ পিছত সতৰ্ক কৰি দিছে।
ভাৰতত মাংকী-পক্সৰ সংক্ৰমণৰ এটাও ঘটনা সংঘটিত হোৱা নাই যদিও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ইউৰোপত মাংকী-পক্সৰ ঘটনা বৃদ্ধিৰ পিছত সতৰ্ক কৰি দিছে।
পৃথিৱীৰ বিভিন্ন দেশত বিয়পি পৰিছে মাংকী-পক্সৰ আতংক। চিকেন পক্সৰ দৰে লক্ষণৰ মাংকী-পক্সৰ আতংকই এতিয়া কোভিডৰ পিছত সকলোকে ত্ৰাসিত কৰিছে। এই ভাইৰাছৰ বিস্তাৰে উদ্বেগ বৃদ্ধি কৰিছে বহু দেশক।
১৩ মে'ৰ পৰা এইকেইদিনত মুঠ ১২খন দেশলৈ মাংকী-পক্স (Monkeypox) বিয়পি পৰিছে। এতিয়ালৈকে ভুক্তভোগীৰ সংখ্যা ৯২। বহুতো ইউৰোপীয় দেশ যথা অষ্ট্ৰেলিয়া, বেলজিয়াম, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, নেদাৰলেণ্ড, পৰ্তুগাল, স্পেইন, চুইডেন, ইউ কে আৰু আমেৰিকা যুক্তৰাজ্যত মাংকী ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে (monkeypox have been reported across 12 countries)। এই পৰিস্থিতিত, বিশ্ব স্বাস্থ্য সংস্থাই আগতীয়াকৈ সাৱধানবাণী প্ৰকাশ কৰি ইয়াৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধিৰ বিষয়ে কেইবাখনো দেশক সতৰ্ক কৰি দিছে। বিশ্বাস কৰা হৈ যে যদি সঠিক সজাগতা নাথাকে তেন্তে ইও কোৰোনা মহামাৰীৰ দৰে হ'ব পাৰে।
ইফালে, ভাৰতত মাংকী-পক্সৰ সংক্ৰমণৰ এটাও ঘটনা সংঘটিত হোৱা নাই যদিও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ইউৰোপত মাংকী-পক্সৰ ঘটনা বৃদ্ধিৰ পিছত সতৰ্ক কৰি দিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা এটা পৰামৰ্শ জাৰি কৰা অনুসৰি, মুখ্যতঃ ইউৰোপীয় দেশৰ পৰা অহা লোকসকলে যদি তেওঁলোকৰ শৰীৰত কিবা চোকোৰা লক্ষ্য কৰে, তেন্তে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ নিৰ্দেশনা দিছে। সংক্ৰামক ৰোগৰ দৰেই সকলো সাৱধানতামূলক ব্যৱস্থা ল'ব লাগিব বুলি উল্লেখ কৰা হৈছে।
ইয়াৰ উপৰি ৰোগটো চিনাক্ত কৰাৰ বাবে সংশ্লিষ্ট ব্যক্তিজনৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰি পুনেৰ ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা, ৰোগ ধৰা পৰাৰ ২১ দিনৰ ভিতৰত সংস্পৰ্শলৈ অহা লোকক চিনাক্ত আৰু নিৰীক্ষণ কৰাৰো নিৰ্দেশনা দিয়া হৈছে।
এতিয়ালৈ বিশেষজ্ঞসকলে বিশ্বাস কৰি আহিছিল যে এই ভাইৰাছটো শ্বাসনলী, ঘা, নাক, মুখ আদিৰ জৰিয়তে মানৱ শৰীৰলৈ সংক্ৰমিত হয়। কিন্তু শেহতীয়াকৈ মাংকী ভাইৰাছৰ দ্বাৰা সংক্ৰমিত কেইবাজনো লোকক পৰীক্ষা কৰাৰ পিছত চিকিৎসকসকলে বিশ্বাস কৰে যে যৌন সম্ভোগৰ জৰিয়তেও এই ভাইৰাছ বিয়পিব পাৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|