Monkey kidnaped Puppy : বান্দৰটোৱে চাৰু নামৰ কুকুৰ পোৱালিটোক মাকৰ ওচৰৰ পৰা পলুৱাই লৈ গৈছিল। যেতিয়াই কোনোবাই পোৱালিটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে, বান্দৰটো কুকুৰ পোৱালিটোৰ সৈতে আন এজোপা গছলৈ জাঁপ মাৰি আঁতৰি যায়।
Monkey kidnaped Puppy : বান্দৰটোৱে চাৰু নামৰ কুকুৰ পোৱালিটোক মাকৰ ওচৰৰ পৰা পলুৱাই লৈ গৈছিল। যেতিয়াই কোনোবাই পোৱালিটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে, বান্দৰটো কুকুৰ পোৱালিটোৰ সৈতে আন এজোপা গছলৈ জাঁপ মাৰি আঁতৰি যায়।
আপুনি নিশ্চয় পৃথিৱীত মানৱ সৰবৰাহ (Human Trafficking)ৰ বহুতো ঘটনা দেখিছে আৰু শুনিছে। কিছুমান ক্ষেত্ৰত টকা-পইচা বাবে অপহৰণ কৰা হয় আৰু আন কিছুমান ক্ষেত্ৰত মানুহ বিক্ৰী কৰা হয়। কিন্তু শেহতীয়াকৈ মালয়েছিয়া (Malaysia)ত এটা আচৰিত ধৰণৰ কীডনেপৰ ঘটনা (Shocking Case) পোহৰলৈ আহিছে। ইয়াত এটা বান্দৰে কুকুৰৰ পোৱালি এটাক অপহৰণ কৰিছিল (Monkey Kidnap Puppy) । বান্দৰটোৱে তিনিদিন ধৰি পোৱালিটোৰ সৈতে পলাই ফুৰিছিল। অৱশেষত তিনি দিনৰ পিছত কেইজনমান লোকে পোৱালিটোক বান্দৰৰ কৱলৰ পৰা মুক্ত কৰিলে।
ঘটনাটো ১৬ ছেপ্টেম্বৰৰ। হঠাতে কিছুলোকে কুকুৰৰ পোৱালি (Puppy) এটা গছত বান্দৰৰ সৈতে দেখা পায়। বান্দৰটোৱে এই কুকুৰ পোৱালিটো জনসমাগমৰ পৰা আঁতৰত বুকুত সাৱটি লৈ থকা পায়। কুকুৰ পোৱালিটোৰ নাম চাৰু। বয়স মাত্ৰ দুই সপ্তাহ। বান্দৰটোৱে চাৰুক মাকৰ ওচৰৰ পৰা পলুৱাই লৈ গৈছিল। ইয়াৰ পাছত বান্দৰটোৱে অৰণ্যলৈ গৈ এজোপা ডাঙৰ গছত উঠাই পোৱালিটোৰ সৈতে বহি থকা দেখা গৈছিল। যেতিয়াই কোনোবাই পোৱালিটোক বান্দৰটোৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে, বান্দৰটো কুকুৰ পোৱালিটোৰ সৈতে আন এজোপা গছলৈ জাঁপ মাৰি আঁতৰি যায়। অৱশেষত তিনি দিনৰ প্ৰচেষ্টাৰ পিছত পোৱালিটোক বান্দৰটোৰ কৱলৰ পৰা উদ্ধাৰ কৰিব পৰা গ'ল।
বন্ধুৰ দৰে লগত ৰাখিছিল
ঘটনাটোৰ বিৱৰণ দি স্থানীয় লোকে কৈছিল যে বান্দৰটোৱে পোৱালীটোক বুকুত সাৱটি ধৰি আছিল। সি কাকো কুকুৰ পোৱালিটোৰ কাষ চাপিবলৈ দিয়া নাছিল। চাৰুক বান্দৰটোৱে তাৰ মাকৰ কাষৰ পৰা তুলি লৈ পলাই গৈছিল। বান্দৰটোৱে চাৰুক তুলি লৈ যোৱাৰ সময়ত তাৰ মাক নাছিল। এই সুন্দৰ সুযোগ লৈয়ে বান্দৰটোৱে এই দুসপ্তাহ বয়সৰ পোৱালিটো লৈ অৰণ্যলৈ গৈছিল। কিন্তু বান্দৰটোৱে চাৰুক কোনো ধৰণৰ ক্ষতি কৰা নাছিল। সি চাৰুক তাৰ বন্ধুৰ দৰে ৰাখিছিল।
বান্দৰটো চোৰ গেঙৰ সদস্য আছিল!
মালয়েছিয়াৰ যি ঠাইৰ পৰা এই ঘটনাটো পোহৰলৈ আহিছিল সেই অঞ্চলৰ লোকসকলে কয় যে বান্দৰটো 'বান্দৰ চোৰ দল'ৰ, যাক স্থানীয় লোকে 'চোৰ গেং' নাম দিছে, তাৰ সদস্য আছিল। ইহঁতে মানুহৰ ঘৰৰ পৰা সামগ্ৰী চুৰি কৰে। এতিয়া এই চোৰ গেঙৰ বান্দৰ এটাই মানুহৰ ঘৰৰ পৰা পোহনীয়া জন্তুও চুৰ কৰিবলৈ লৈছে। চাৰুক উদ্ধাৰ কৰাৰ সময়ত পোৱালিটো বৰ অশান্তিত আৰু ভিতীগ্ৰস্ত দেখা গৈছিল। বান্দৰটোৱে কুকুৰপোৱালিটোৰ সৈতে এজোপা গছৰ পৰা আন এজোপা গছলৈ জঁপিয়াই ফুৰিছিল। এইটোৱে চাৰুক অধিক ভীতিগ্ৰস্ত কৰি পেলাইছিল। এতিয়া উদ্ধাৰৰ কৰাৰ পিছত চাৰু তাৰ মাকৰ ওচৰলৈ উভতি গৈছে। এই ঘটনাটোৰ ভিডিঅ'টো মানুহে খুব চাইছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|