কেটৱাক কৰি থাকোতে পিছলিল, থিতাতে নিহত

স্থানীয় মিডিয়া ৰিপ’ৰ্ট অনুসৰি ৰেম্পত কেটৱাক কৰি থকাৰ সময়তে ঘূৰিবলৈ লওঁতে মডেল পিছলিল

Dulu Medhi | news18assam
Updated:April 28, 2019, 1:36 PM IST
কেটৱাক কৰি থাকোতে পিছলিল, থিতাতে নিহত
টেলছ্ ছ’ৰেছ
Dulu Medhi | news18assam
Updated: April 28, 2019, 1:36 PM IST
ব্ৰাজিলৰ এগৰাকী মডেলৰ কেটৱাক কৰি থকাৰ সময়তে মৃত্যু। অনুষ্ঠানৰ আয়োজকসকলৰ মতে শনিবাৰে ছাউ পাওলৌত ফেশ্বন উইকৰ অন্তিম দিন আছিল। শনিবাৰে ২৬ বছৰীয়া মডেল টেলছ্ ছ’ৰেছেও এই অনুষ্ঠানত অংশ লৈছিল। আয়োজকসকলে মডেলগৰাকীৰ মৃত্যুৰ কাৰণ প্ৰকাশ নকৰিলে।

স্থানীয় মিডিয়া ৰিপ’ৰ্ট অনুসৰি ৰেম্পত কেটৱাক কৰি থকাৰ সময়তে ঘূৰিবলৈ লওঁতে মডেল টেলছ্ ছ’ৰেছ বাগৰি পৰে। আৰু বহুসময় ধৰি মঞ্চতে পৰি থাকে। দৰ্শকে ভাবিছিল যে মঞ্চত পৰি থকাটো টেলছৰ প্ৰদৰ্শনৰ এটা অংশ। কিন্তু বহু সময়লৈ তেওঁ থিয় হৈ নুঠাত মেডিকেল টীম তেওঁৰ ওচৰত যায় তাৰ পিছত ততালিকে মডেলগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰা হয় কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আয়োজক সংস্থা SPFW–এ জানিবলৈ দিয়া মতে– ‘SPFW–এ কিছুসময়ৰ পূৰ্বে মডেল টেলছ্ ছ’ৰেছৰ মৃত্যুৰ খবৰ পালে যিগৰাকী মডেল অ’ক্সা শ্ব’ৰ সময়তে ৰোগত আক্ৰান্ত হৈছিল।’ যদিও SPFW–এ টেলছ্ ছ’ৰেছৰ মৃত্যুৰ কাৰণ জানিবলৈ দিয়া নাছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি