ইচ্ছাকৃত ভাবে কোৰোণা বিয়পোৱাৰ অভিযোগ, আমেৰিকাত চীনৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু

News18 Assam | News18-Assam
Updated:April 22, 2020, 1:32 PM IST
ইচ্ছাকৃত ভাবে কোৰোণা বিয়পোৱাৰ অভিযোগ, আমেৰিকাত চীনৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু
আমেৰিকাৰ ‘Missouri’ৰাজ্যই চীন চৰকাৰৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ

আমেৰিকাৰ ‘Missouri’ৰাজ্যই চীন চৰকাৰৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ

  • Share this:
সমগ্ৰ বিশ্বতে কোৰোণাৰ সংহাৰী ৰূপ। কোৰোণাৰ আতংকত এতিয়া জুৰুলা আমেৰিকা যুক্তৰাষ্ট্ৰ। কোৰোণা ভাইৰাছৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়তে আমেৰিকাৰ ‘Missouri’ ৰাজ্যই চীন চৰকাৰৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ।

এই গোচৰৰ আবেদন চীন চৰকাৰৰ বিৰুদ্ধে ‘Missouri’ৰ এটৰ্ণী জেনেৰেল এৰিক স্মিটে দাখিল কৰিছে। আমেৰিকাত কোৰোণাৰ সংহাৰী ৰূপ আৰু আৰ্থিক লোকচানৰ বাবে প্ৰত্যক্ষ ভাবে চীনকে জগৰীয়া কৰিলে এটৰ্ণী জেনেৰেল এৰিক স্মিটে।

চীন চৰকাৰৰ লগতে চীনৰ কমিউনিষ্ট পাৰ্টী আৰু অন্যান্য চীনৰ সংস্থাকো জগৰীয়া কৰিছে আমেৰিকাই। অভিযোগ কৰা হৈছে যে, চীনে কেৱল কোৰোণা ভাইৰাছৰ সম্বন্ধীয় তথ্য লুকুৱাই নহয়, এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা ‘whistle blower’কো গ্ৰেপ্তাৰ কৰিছে চীনে। লগতে কোৱা হৈছে যে, চীনে ষড়যন্ত্ৰ কৰি সমগ্ৰ বিশ্বত বিয়পাই দিছে কোৰোণা ভাইৰাছ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading