মঙলবাৰে ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভৰ আঞ্চলিক প্ৰশাসন ভৱনত ক্ষেপণাস্ত্ৰে আঘাত হানে ৰাছিয়াই। এটা ভিডিঅ’ত দেখা গৈছে, বিস্ফোৰণৰ পিছত ভৱনটোত জুই লাগি যায়। এই আক্ৰমণৰ পিছৰ ক্ষয়–ক্ষতিৰ খবৰ জানিব পৰা হোৱা নাই। লগতে সোমবাৰে খাৰকিভৰ আৱাসিক অঞ্চলসমূহত গোলাবৰ্ষণৰ খবৰ পোৱা গৈছে। খাৰকিভৰ ৰাজ্যপালৰ মতে, সোমবাৰে ইউক্ৰেইনৰ চহৰত ৰাছিয়াৰ আক্ৰমণত নিহত হৈছে ১৭জন লোক।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আক্ৰমণৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা পঞ্চম দিনাও ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত ৰুছ আৰু ইউক্ৰেইনৰ সেনাৰ মাজত যুদ্ধ অব্যাহত আছে। ৰাছিয়াৰ আক্ৰমণ বৃদ্ধি পোৱাৰ বিষয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সোমবাৰে গভীৰ নিশা এটা ভিডিঅ’ বাৰ্তাত কয়, ‘‘আমি বিশ্বাস কৰো যে ৰাছিয়াই এইদৰে ইউক্ৰেইনৰ ওপৰত চাপ দিয়াৰ চেষ্টা কৰিছে। কিন্তু সেই চাপৰ ওচৰত নতশিৰ কৰাৰ কোনো প্ৰশ্নই নাহে।’’
Missile attack on the Kharkiv regional administration, Sumska 64. Grad shelling at residential areas. Putin now in total war with Ukraine. pic.twitter.com/eXyfA4E4YI