• Home
  • »
  • News
  • »
  • world
  • »
  • মিছ উনিভাৰ্ছ সৌন্দৰ্য প্ৰতিযোগিতাত এতিয়া যোগদান কৰিব পাৰিব বিবাহিত মহিলা আৰু মাতৃয়ে

মিছ উনিভাৰ্ছ সৌন্দৰ্য প্ৰতিযোগিতাত এতিয়া যোগদান কৰিব পাৰিব বিবাহিত মহিলা আৰু মাতৃয়ে

২০২৩ চনৰ পৰা মিছ উনিভাৰ্চ সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ বাবে যোগ্যতাৰ চৰ্ত বৈবাহিক স্থিতি আৰু অভিভাৱক স্থিতিৰ ওপৰত নিৰ্ভৰ নহ'ব।

২০২৩ চনৰ পৰা মিছ উনিভাৰ্চ সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ বাবে যোগ্যতাৰ চৰ্ত বৈবাহিক স্থিতি আৰু অভিভাৱক স্থিতিৰ ওপৰত নিৰ্ভৰ নহ'ব।

২০২৩ চনৰ পৰা মিছ উনিভাৰ্চ সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ বাবে যোগ্যতাৰ চৰ্ত বৈবাহিক স্থিতি আৰু অভিভাৱক স্থিতিৰ ওপৰত নিৰ্ভৰ নহ'ব।

  • Share this:
মিছ ইউনিভাৰ্চ সৌন্দৰ্য প্ৰতিযোগিতাত বিবাহিত মহিলা ও মাতৃক অংশ লোৱাৰ অনুমতি প্ৰদান কৰি প্ৰাৰ্থীৰ যোগ্যতা সম্প্ৰসাৰিত কৰিছে। আমেৰিকাৰ প্ৰখ্যাত সংবাদ মাধ্যম ফক্স নিউজৰ মতে, ২০২৩ চনৰ পৰা মিছ ইউনিভাৰ্চ সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ বাবে যোগ্যতাৰ চৰ্ত বৈবাহিক স্থিতি আৰু অভিভাৱক স্থিতিৰ ওপৰত নিৰ্ভৰ নহ'ব। উল্লেখযোগ্য যে, মিছ ইউনিভাৰ্চ সৌন্দৰ্য প্ৰতিযোগিতাৰ নিয়মাৱলী মতে সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ীসকলে খিতাপ জয় কৰা আৰু ইয়াৰ পাছত তেওঁৰ ১৮ মাহ সময়ৰ বাবে মিছ ইউনিভাৰ্ছ সংগঠনৰ সৈতে হোৱা চুক্তি কালছোৱাত অবিবাহিত থাকিব লগাতো বাধ্যতামূলক।

ঐতিহাসিক মিছ ইউনিভাৰ্চ ২০২০ৰ বিজয়ী মেক্সিকোৰ এন্দ্ৰিয়া মেজায়ে মিছ ইউনিভাৰ্চ সৌন্দৰ্য প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰা চলি থকা এই নিয়মৰ সলনিক প্ৰশংসা কৰে। লগতে তেখেতে ইয়াৰ প্ৰতিষ্ঠিত নিয়মবোৰক 'অবাস্তৱ' বুলি মন্তব্য কৰে। ইনচাইডাৰৰ সৈতে এক সাক্ষাৎকাৰত মেজাই কয়, তেওঁ সচাঁকৈ ভাল পাইছে যে মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাত প্ৰাৰ্থীৰ যোগ্যতা সম্প্ৰসাৰিত হ’ব। সমাজৰ যিদৰে পৰিৱৰ্তন হৈছে আৰু বৰ্তমান মহিলাসকলে নেতৃত্ব পদত যিদৰে অধিষ্ঠিত হ’বলৈ ধৰিছে যি অতীতত কেৱল পুৰুষেই কৰিব পাৰিছিল। ইয়াৰোপৰি তেওঁ কয় যে, এয়া সময় অনুসৰি প্ৰতিযোগিতা সলনি হোৱা আৰু পৰিয়াল থকা মহিলাসকলৰ বাবে পথ মুকলি কৰি দিয়া এটা পদক্ষেপ।

মেজায়ে বৰ্তমানলৈ চলি থকা নিয়মসমূহক যৌনতাবাদী আৰু অবাস্তৱ বুলি সমালোচনা কৰিছিল যিয়ে তেওঁলোকৰ বিজয়ী বাছনি কৰাৰ প্ৰক্ৰিয়াত সৰ্বাধিক দৰ্শকক আকৰ্ষণ কৰিব। তেওঁ লগতে কয় যে, কেইজনমান লোকে এই পৰিৱৰ্তনৰ বিৰোধিতা কৰিছে কিয়নো তেওঁলোকে সদায় এগৰাকী অকলশৰীয়া ধুনীয়া মহিলাক চাব বিচাৰে যি এটা নতুন সম্পৰ্কৰ বাবে উপলব্ধ হ’ব পাৰে। মিছ ইউনিভাৰ্চৰ এই সলনিৰ বিৰোধিতা কৰাসকলে সদায়ে এগৰাকী মহিলাক চাব বিচাৰে যাৰ বাহ্যিক সৌন্দৰ্য বহুত আৰু যাক ঢুকি পোৱাটো প্ৰায় টান। বাহ্যিক সৌন্দৰ্যতা এক যৌনতাবাদী ভাবধাৰা আৰু মিছ ইউনিভাৰ্চক ঢুকি পোৱাটো প্ৰায় অবাস্তৱ।

মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাখন বিশ্বৰ ১৬০ টাতকৈও অধিক অঞ্চল আৰু দেশত সম্প্ৰচাৰ কৰা হয়, যাৰ ভিতৰত আছে এফৱাইআই আৰু টেলিমুণ্ডোত আমেৰিকা যুক্তৰাষ্ট্ৰ। ২০২১ চনত ভাৰতৰ হৰনাজ সিন্ধুয়ে মিছ ইউনিভাৰ্ছ শীৰ্ষ জয় কৰিছিল। ইজৰাইলৰ ইলাটত অনুষ্ঠিত হোৱা ৭০ তম মিছ ইউনিভাৰ্ছ ২০২১ প্ৰতিযোগিতাত পঞ্জাৱৰ হৰনাজ সিন্ধুৱে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। হৰনাজ সিন্ধুৰ আগতে, মাত্ৰ দুগৰাকী ভাৰতীয়ই মিছ ইউনিভাৰ্ছ খিতাপ ক্ৰমে অভিনেত্ৰী সুস্মিতা সেন ১৯৯৪ চনত আৰু লাৰা দত্তই ২০০০ চনত জয় কৰিছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি