পাকিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে নিযুক্ত হ’ল দলটোৰ এসময়ৰ নিৰ্ভৰযোগ্য বেটচমেন মিছবাহ উল হক। প্ৰশিক্ষকৰ দায়িত্ব লৈয়ে এতিয়া পাকিস্তান ক্ৰিকেট দলৰ খৈলুৱৈৰ বাবে বহু কেইটা নতুন নিয়ম বান্ধি দিছে মিছবাহে। ক্ৰিকেট গ্ৰাউণ্ড অথবা ড্ৰেছিং ৰূমত কোনো খেলুৱৈয়ে খাব নোৱাৰিব বিৰিয়ানী। প্ৰশিক্ষক মিছবাহ উল হকে ইতিমধ্যে খেলুৱৈৰ খাদ্য তালিকাৰ পৰা আঁতৰাইছে বিৰিয়ানী।
পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক শ্বৰফৰাজ আহমেদৰ লগতে অন্য খেলুৱৈ সকলৰ ফিটনেচ বৰ্তাই ৰখাৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছে দলটোৰ নৱ নিযুক্ত প্ৰশিক্ষক মিছবাহ উল হকে। বিগত বিশ্বকাপৰ সময়ত পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ সকলৰ ফিটনেচৰ ওপৰত বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছিল। অত্যাধিক শকত হৈ পৰিছিল দলৰ অধিনায়কৰ লগতে অন্যান্য বহু কেইজন খেলুৱৈ।
উল্লেখযোগ্য যে, মিছবাহে লোৱা এই সিদ্ধান্তৰ খবৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে পাকিস্তান ক্ৰিকেট দল ব্যাপক ভাবে ট্ৰ’ল হোৱা দেখিবলৈ পোৱা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|