অলৌকিক ঘটনা প্ৰায় কম দেখা বা শুনিবলৈ পোৱা যায়। কিন্তু এনে ঘটনাই সকলোক আচৰিত কৰি তোলে। আফ্ৰিকাৰ উগাণ্ডাত এনে এক আচৰিত ঘটনা পোহৰলৈ আহিছে। উগাণ্ডাত এটা জলহস্তীয়ে ২ বছৰীয়া এটি শিশুক জীৱিত অৱস্থাত গিলি পেলাইছিল। গিলি যোৱাৰ পিছত জলহস্তীয়ে লগে লগে শিশুটিক বাহিৰলৈ ওলাই দিয়ে। আচৰিত কথাটো হ'ল যে শিশুটো জীৱিত অৱস্থাত ওলাই আহিছিল। এই আশ্চৰ্যজনক ঘটনাই বৰ্তমান সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ আছে।
এক সূত্ৰ অনুসৰি, শিশুটোৱে হ্ৰদৰ পাৰত খেলি থাকোতে এটা জলহস্তী আহি শিশুটোক জীৱিত অৱস্থাতে গিলি পেলাইছিল। গিলি যোৱাৰ পিছত, শিশুটো জীয়াই নাথাকিব বুলি ঠাইটোত উপস্থিত লোকসকলে ভাবিছিল, কিন্তু সেইসময়তে এটা অলৌকিক ঘটনা ঘটিল। প্ৰায় ৫ মিনিটৰ পিছত, জলহস্তীটোৱে শিশুটোক মুখেৰে বাহিৰলৈ উলিয়াই দিছিল।অলৌকিক ঘটনাটো হ’ল যে শিশুটো জীৱিত অৱস্থাত ওলাই আহিছিল। জানিব পৰা মতে শিশুটোৱে কেৱল সামান্য আঘাতপ্ৰাপ্তহে হৈছে।
এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত ক্ৰিছপাছ বাগোঞ্জা নামৰ এজন ব্যক্তি উপস্থিত আছিল। তেওঁ এই দৃশ্যটো দেখি আচৰিত হৈ পৰিছিল। তেওঁ লগে লগে শিল নিক্ষেপ কৰি জলহস্তীটোক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল। জলহস্তীটোৱে বিচলিত হৈ পৰিছিল আৰু শিশুটোক লগা লগ মুখৰ পৰা উলিয়াই দিছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 17, 2022, 12:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|