আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল উত্তৰ পূৰ্বাঞ্চলৰ মীৰাবাঈ চানু

প্ৰাক্তন বিশ্ব চেম্পিয়ন মীৰাবাঈ চানুৱে ছাম’আৰ ৰাজধানী আপিয়াত চলি থকা কমনৱেলথ ৱেইটলিফটিঙ প্ৰতিযোগিতাত প্ৰথম দিনাই দখল কৰিলে স্বৰ্ণ পদক।

News18-Assam
Updated:July 10, 2019, 6:20 PM IST
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল উত্তৰ পূৰ্বাঞ্চলৰ মীৰাবাঈ চানু
প্ৰাক্তন বিশ্ব চেম্পিয়ন মীৰাবাঈ চানুৱে ছাম’আৰ ৰাজধানী আপিয়াত চলি থকা কমনৱেলথ ৱেইটলিফটিঙ প্ৰতিযোগিতাত প্ৰথম দিনাই দখল কৰিলে স্বৰ্ণ পদক।
News18-Assam
Updated: July 10, 2019, 6:20 PM IST
আকৌ এবাৰ ভাৰতৰ তাৰকা ভাৰোত্তোলক তথা উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ মীৰাবাঈ চানুৱে ছাম’আৰ ৰাজধানী আপিয়াত চলি থকা কমনৱেলথ ৱেইটলিফটিঙ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰি ভাৰতক দিছে এক শক্তিশালী আৰম্ভণি। প্ৰতিযোগিতাখনত ছিনিয়ৰ মহিলাৰ ৪৯ কেজি শাখাত অংশগ্ৰহণ কৰা মীৰাবাঈ চানুৱে ৮৪ কিলোগ্ৰাম আৰু ১০৭ কিলোগ্ৰামেৰে মুঠ ১৯১ কিলোগ্ৰাম ভাৰোত্তোলন কৰি স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হয়।ফলত এতিয়া  আগন্তুক টকিঅ’ অলিম্পিকত মীৰাবাঈয়ে খেলাৰ পথ প্ৰসস্ত হ’ল।
আৰু চাওক পৰৱৰ্তী বাতৰি