নাৰিকল গছত উঠি সংবাদমেল সম্বোধন মন্ত্ৰীৰ, কিহৰ বাবে এই আচহুৱা কাণ্ড মন্ত্ৰীগৰাকীৰ?

News18 Assam | News18-Assam
Updated:September 20, 2020, 3:01 PM IST
নাৰিকল গছত উঠি সংবাদমেল সম্বোধন মন্ত্ৰীৰ, কিহৰ বাবে এই আচহুৱা কাণ্ড মন্ত্ৰীগৰাকীৰ?
ৰাজধানী কলম্বোৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ নিলগৰ পুট্টুলাম জিলাৰ ডংকোটুৱা চহৰত ঘটিল এই ঘটনা।

ৰাজধানী কলম্বোৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ নিলগৰ পুট্টুলাম জিলাৰ ডংকোটুৱা চহৰত ঘটিল এই ঘটনা।

  • News18 Assam
  • Last Updated: September 20, 2020, 3:01 PM IST
  • Share this:
নিজৰ বিভাগে লোৱা পদক্ষেপসমূহলৈ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এক অভিনৱ পন্থা হাতত ল’লে শ্ৰীলংকাৰ এজন মন্ত্ৰীয়ে। চুবুৰীয়া দ্বীপৰাষ্ট্ৰখনৰ নাৰিকল মন্ত্ৰী অৰুণ্ডিকা ফাৰনেণ্ডই এডাল নাৰিকল গছৰ ওপৰৰ পৰা শুকুৰবাৰে সম্বোধন কৰিলে সংবাদ মেল। গছডালৰ ভালেখিনি উচ্চতাত বহিব পৰা ব্যৱস্থা কৰি মন্ত্ৰীজনে সাংবাদিকক জনালে নাৰিকল উৎপাদন আৰু বিক্ৰীৰ উত্তৰণৰ কাৰণে তেওঁৰ বিভাগে লোৱা পদক্ষেপসমূহৰ কথা।

ৰাজধানী কলম্বোৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ নিলগৰ পুট্টুলাম জিলাৰ ডংকোটুৱা চহৰত ঘটিল এই ঘটনা। স্থানীয় সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ হোৱাৰ লগতে মন্ত্ৰীগৰাকীৰ এনে কার্যৰ ভিডিঅ’ ক্লিপ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
Published by: Sanjay Kumar Das
First published: September 20, 2020, 3:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading