• Home
  • »
  • News
  • »
  • world
  • »
  • দেহ ব্যৱসায় কৰি কোটিপতি পত্নী! বিয়াৰ ৬ বছৰ পিছত জানিব পাৰিলে চিকিৎসক স্বামীয়ে, তাৰ পিছত...

দেহ ব্যৱসায় কৰি কোটিপতি পত্নী! বিয়াৰ ৬ বছৰ পিছত জানিব পাৰিলে চিকিৎসক স্বামীয়ে, তাৰ পিছত...

যেতিয়া জানিব পাৰিলে যে পত্নী কেৱল মডেলেই নহয়, দেহ ব্যৱসায়ৰ সৈতেও জড়িত, তেতিয়া স্বামীৰ মূৰত যে সৰগ ভাগি পৰিল!

যেতিয়া জানিব পাৰিলে যে পত্নী কেৱল মডেলেই নহয়, দেহ ব্যৱসায়ৰ সৈতেও জড়িত, তেতিয়া স্বামীৰ মূৰত যে সৰগ ভাগি পৰিল!

যেতিয়া জানিব পাৰিলে যে পত্নী কেৱল মডেলেই নহয়, দেহ ব্যৱসায়ৰ সৈতেও জড়িত, তেতিয়া স্বামীৰ মূৰত যে সৰগ ভাগি পৰিল!

  • Share this:


মডেল পত্নীৰ সৌন্দৰ্যত মুগ্ধ হৈ পৰিছিল আমেৰিকাৰ এগৰাকী নামী চিকিৎসক। চাৰে ৫ বছৰ সংসাৰ কৰাৰ পিছতো কেতিয়াও স্বামীয়ে জনা নাছিল যে তেওঁৰ পত্নীয়ে আচলতে কি পেছাত জড়িত। কিন্তু যেতিয়া জানিব পাৰিলে যে পত্নী কেৱল মডেলেই নহয়, দেহ ব্যৱসায়ৰ সৈতেও জড়িত, তেতিয়া স্বামীৰ মূৰত যে সৰগ ভাগি পৰিল!

বিষয়টো জনাৰ পিছত আৰু বহি নাথাকিল আমেৰিকাৰ নামী চিকিৎসক হান জো কিম। পত্নী ৰেজিনা টাৰ্নাৰক লৈ আদলতলৈ গ’ল তেওঁ। কোটিপতি চিকিৎসক আৰু তেওঁৰ বিউটি কুইন পত্নীৰ হাই প্ৰফাইল বিবাহ বিচ্ছেদক লৈ সৃষ্টি হয় চাঞ্চল্যৰ।

বিয়াৰ পিছত ইমান বছৰে স্বামী–স্ত্ৰীৰ মাজত কোনো জটিলতাও নাছিল। আচলতে পত্নীৰ এই অন্ধকাৰ জগতৰ সৈতে জড়িত থকাক লৈ কোনো ধাৰণাই নাছিল চিকিৎসক কিমৰ। পঢ়া–শুনাৰ চাৰ্টিফিকেটসহ ৰেজিনাৰ বহু নথিয়ে ভুৱা! কাৰণ নিজকে বিজ্ঞানৰ স্নাতক বুলি দাবী কৰিলেও ৰেজিনাই স্কুলৰ দেওনাও পাৰ হ’ব পৰা নাছিল বুলি জনা গৈছে।


কিমে জনাইছে, আন পুৰুষৰ সৈতে ফোনত পত্নীৰ যৌন উত্তেজনামূলক মেছেজ দেখি প্ৰথমে সন্দেহ হয় তেওঁৰ। পিছত প্ৰকৃত সত্য পোহৰলৈ আহে। পত্নীৰ গ্ৰাহকো সাধাৰণ ব্যক্তি নহয়। নিউয়ৰ্কৰ ধনী ব্যৱসায়ীসকল ৰেজিনাৰ ‘ক্লায়েণ্ট’ বুলি জনা গৈছে। সুন্দৰী ৰেজিনাক বিয়া পাতিবলৈ বহু লোক ওলাইছিল। কিন্তু সকলোকে পিছ পেলাই ৰেজিনাক বিয়া কৰাবলৈ সক্ষম হৈছিল চিকিৎসক কিম। কিন্তু সেয়াই যেন কাল হ’ল তেওঁৰ জীৱনত।


Published by:Sanjay Kumar Das
First published: