মিডল অৰ্ডাৰ বেটচমেন ব্যৰ্থ, যুৱৰাজ সিঙৰ অভাৱ অনুভৱ!

মিডল অৰ্ডাৰৰ বেটিং ব্যৰ্থতাই এতিয়া চিন্তাত পেলাইছে টিম মেনেজমেণ্টক

News18-Assam
Updated:July 1, 2019, 3:31 PM IST
মিডল অৰ্ডাৰ বেটচমেন ব্যৰ্থ, যুৱৰাজ সিঙৰ অভাৱ অনুভৱ!
মিডল অৰ্ডাৰৰ বেটিং ব্যৰ্থতাই এতিয়া চিন্তাত পেলাইছে টিম মেনেজমেণ্টক
News18-Assam
Updated: July 1, 2019, 3:31 PM IST
ভাৰতৰ বেটিং লাইন আপ মানে এতিয়া কেৱল ৰোহিত শৰ্মা আৰু বিৰাট কোহলী! মিডল অৰ্ডাৰৰ প্ৰতিগৰাকী বেটচমেনেই এতিয়া ধাৰাবাহিকতা ৰক্ষা কৰাত ব্যৰ্থ। ধোনীয়েও কৰিছে মন্থৰ গতিত বেটিং। বিশ্বকাপৰ দলত স্থান পোৱা কেডাৰ যাদৱ আৰু বিজয় শংকৰ চুড়ান্ত ভাবে ব্যৰ্থ হৈছে প্ৰতিযোগিতাত। যি কেইখন খেলত ৰোহিত শৰ্মা আৰু কোহলী সফল হৈছে সেইকেইখন মেচতে ভাৰতে সন্তুশজনক ৰান কৰিবলৈ সক্ষম হৈছে।



কিন্তু মিডল অৰ্ডাৰ শক্তিশালী নহ’লে ভাৰত সন্মুখীন হ’ব তীব্ৰ প্ৰত্যাহ্বানৰ। ছেমি ফাইনেললৈ ভাৰত অগ্ৰসৰ হ’লে ভাৰত মুখামুখী হ’ব অষ্ট্ৰেলিয়া, নিউজিলেণ্ডৰ দৰে শক্তিশালী দলৰ। কিন্তু তাৰ মাজতে মিডল অৰ্ডাৰৰ বেটিং ব্যৰ্থতাই এতিয়া চিন্তাত পেলাইছে টিম মেনেজমেণ্টক।



তাৰ মাজতে আকৌ চৰ্চালৈ আহিছে ভাৰতৰ তাৰকা খেলুৱৈ যুৱৰাজ সিঙৰ নাম। ইংলেণ্ডৰ ভূমিত যুৱৰাজৰ আছিল ভাল ৰেকৰ্ড,তেনে স্থলত কিয় অভিজ্ঞ যুৱৰাজক বিশ্বকাপৰ দলত স্থান দিয়া নহ’ল সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে দেশৰ একাংশ ক্ৰিকেট অনুৰাগীয়ে। যুৱৰাজ উপস্থিতিয়ে দলৰ মিডল অৰ্ডাৰক শক্তিশালী কৰিলে হেতেন বুলি মন্তব্য কৰিছে  একাংশ ক্ৰিকেট অনুৰাগীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি