আমৰিকা–ইৰাণৰ সংঘাত তুংগত, বাগদাদস্থিত আমেৰিকান দূতাবাসত ৰকেট আক্ৰমণ

News18 Assam | News18-Assam
Updated:January 5, 2020, 8:21 AM IST
আমৰিকা–ইৰাণৰ সংঘাত তুংগত, বাগদাদস্থিত আমেৰিকান দূতাবাসত ৰকেট আক্ৰমণ
আমেৰিকান সেনাই ইৰাণী সেনাৰ শীৰ্ষ কমাণ্ডাৰ ছুলেমানীক বিমান আক্ৰমণেৰে হত্যা কৰিছিল।

আমেৰিকান সেনাই ইৰাণী সেনাৰ শীৰ্ষ কমাণ্ডাৰ ছুলেমানীক বিমান আক্ৰমণেৰে হত্যা কৰিছিল।

  • Share this:
আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত তুংগত উঠিছে। শনিবাৰে নিশা ইৰাকৰ ৰাজধানী বাগদাদস্থিত আমেৰিকান দূতাবাসলৈ লক্ষ্য কৰি তিনিটাকৈ ৰকেটেৰে আক্ৰমণ কৰা হয়। এই আক্ৰমণ ইৰাণে সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। এই আক্ৰমণৰ পিছতে আমেৰিকান দূতাবাসৰ সমীপৰ পথসমূহ বন্ধ কৰি দিয়া হৈছে। আমেৰিকান দূতাবাসৰ লগতে সমীপৰ লগতে আমেৰিকান এয়াৰবেছতো সংঘটিত হয় আক্ৰমণ।

আমেৰিকান সেনাই ইৰাণী সেনাৰ শীৰ্ষ কমাণ্ডাৰ ছুলেমানীক বিমান আক্ৰমণেৰে হত্যা কৰিছিল। ইয়াৰ পিছতে ইৰাণে ইয়াৰ প্ৰতিশোধ লোৱাৰ সকীয়নি দিছিল। ইয়াৰ কিছু ঘণ্টা পিছতে আমেৰিকান দূতাবাসলৈ লক্ষ্য কৰি সংঘটিত হয় আক্ৰমণ। এই আক্ৰমণত ৫টা ৰকেট নিক্ষেপ কৰা হয়। এই ঘটনাত ৫জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে খালী কৰোৱা হৈছে আমেৰিকান দূতাবাস।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি