মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Fire Incident: ইৰাকৰ Covid হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড, অৰ্ধ শতাধিক লোকৰ মৃত্যু...

Fire Incident: ইৰাকৰ Covid হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড, অৰ্ধ শতাধিক লোকৰ মৃত্যু...

Kokil Sarma | News18-Assam
Updated:July 13, 2021, 1:37 PM IST
Fire Incident: ইৰাকৰ Covid হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড, অৰ্ধ শতাধিক লোকৰ মৃত্যু...
সোমবাৰে দক্ষিণ ইৰাকী চহৰ চিৰিয়াৰ আল-হুছেইন কোভিড চিকিৎসালয়ত (Covid Hospital) এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাটোত কমেও ৫০ জন লোকৰ মৃত্যু হৈছে। ইয়াত ২ জন স্বাস্থ্য কৰ্মীও অন্তৰ্ভুক্ত আছে।

সোমবাৰে দক্ষিণ ইৰাকী চহৰ চিৰিয়াৰ আল-হুছেইন কোভিড চিকিৎসালয়ত (Covid Hospital) এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাটোত কমেও ৫০ জন লোকৰ মৃত্যু হৈছে। ইয়াত ২ জন স্বাস্থ্য কৰ্মীও অন্তৰ্ভুক্ত আছে।

  • Share this:
সোমবাৰে দক্ষিণ ইৰাকী চহৰ চিৰিয়াৰ আল-হুছেইন কোভিড চিকিৎসালয়ত (Covid Hospital) এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাটোত কমেও ৫০ জন লোকৰ মৃত্যু হৈছে। ইয়াত ২ জন স্বাস্থ্য কৰ্মীও অন্তৰ্ভুক্ত আছে।

আনহাতে ৬৭ জন লোক অগ্নিকাণ্ডত অগ্নিদগ্ধ হয়। জুই নিয়ন্ত্ৰণলৈ অনা হৈছে। প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে কোভিড ৱাৰ্ডৰ এটা অক্সিজেন টেংকত বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে।

এই তথ্য ইৰাকৰ চিকিৎসা কৰ্তৃপক্ষই দিছিল। বিষয়াসকলে কৈছিল যে মৃতসকল বেয়াকৈ জ্বলি গৈছিল। দুজন চিকিৎসা বিষয়াই কৈছিল যে ৱাৰ্ডটো তিনি মাহ আগতে খোলা হৈছিল আৰু ৭০ খন বিচনা আছিল। স্বাস্থ্য বিভাগৰ মুখপাত্ৰ আম্মাৰ আল-জামিলীয়ে কৈছে যে জুই লগাৰ সময়ত কমেও ৬৩ জন ৰোগী ৱাৰ্ডৰ ভিতৰত আছিল।

ঘটনাটোৰ পিছত প্ৰধানমন্ত্ৰী মুস্তাফা আল-কাদিমীয়ে জ্যেষ্ঠ মন্ত্ৰীসকলৰ এখন বৈঠক আহ্বান কৰে। নাছিৰিয়া চিকিৎসালয়ৰ নিৰাপত্তা প্ৰৱন্ধকসকলক নিলম্বন আৰু গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে।
Published by: Kokil Sarma
First published: July 13, 2021, 1:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি