Dubai : বেলকনীত উলংগ হৈ প’জ দি আছিল ১২ গৰাকী মহিলা, আটাইকেইগৰাকীক গ্ৰেপ্তাৰ

চহৰখনৰ মেৰিনা অঞ্চলত এই মহিলাকেইগৰাকীয়ে বেলকনীত ষ্টাণ্ট কৰি আছিল, সেই সময়তে কাষৰ অট্টালিকাৰ পৰা কোনোৱে ইয়াৰ ভিডিঅ’ বনাইছিল।
চহৰখনৰ মেৰিনা অঞ্চলত এই মহিলাকেইগৰাকীয়ে বেলকনীত ষ্টাণ্ট কৰি আছিল, সেই সময়তে কাষৰ অট্টালিকাৰ পৰা কোনোৱে ইয়াৰ ভিডিঅ’ বনাইছিল।
- News18 Assam
- Last Updated: April 5, 2021, 7:33 PM IST
এই ঘটনাত প্ৰায় ১২ গৰাকী মহিলা আছিল আৰু আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কয় যে মহিলাকেইগৰাকীৰ ব্যৱহাৰ স্বীকাৰ কৰিবলগীয়া বিধৰ নাছিল আৰু ই ইউনাইটেড আৰব এমিৰেটছৰ মূল্য আৰু নৈতিকতাক প্ৰতিফলিত নকৰে। ডুবাইৰ আইন অনুসৰি যিসকল মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোকক ৬ নমাহৰ জে’ল আৰু ১ লাখ টকাৰ জৰিমনা হ’ব পাৰে।
ইমানেই নহয়, যদি কোনোৱে এই ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে তেন্তে তেওঁকো আইনৰ আওতালৈ অনা হ’ব। ইউ এ ইৰ আইনৰ মতে, অশ্লীল বস্তু শ্বেয়াৰ কৰাটো এক দণ্ডনীয় অপৰাধ। ডুবাই আৰক্ষীয়ে এক বিজ্ঞপ্তি জাৰি কৰি কয় যে গ্ৰেপ্তাৰ হোৱা মহিলাসকলৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু কৰা হৈছে। এই মহিলাকেইগৰাকীক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী ব্যৱস্থাৰ বাবে জে’ললৈ প্ৰেৰণ কৰা হৈছে।