আফগানিস্তানত তালিবানৰ সন্ত্ৰাস অব্যাহত আছে। ANIৰ মতে, তালিবানে দক্ষিণ হেলমণ্ড প্ৰান্তৰ ৰাজধানী লস্কৰগাহ দখল কৰিছে। উল্লেখযোগ্য যে আমেৰিকা আৰু সহযোগী সেনাই আফগানিস্তানত প্ৰায় দুই দশক ধৰি চলা যুদ্ধত আটাইতকৈ বেছি যুঁজ দিছিল হেলমণ্ডত।
শেহতীয়া তথ্য অনুসৰি সন্ত্ৰাসবাদীয়ে শুকুৰবাৰলৈ দেশখনৰ ১২তকৈ অধিক প্ৰান্তীয় ৰাজধানীত কব্জা কৰিছিল। আমেৰিকা সেনাৰ ওভতনিৰ মাজতে দেশখনৰ বৃহৎ অঞ্চল কব্জা কৰিছে তালিবানে। সংবাদ প্ৰতিষ্ঠান AFPৰ সূত্ৰৰ আধাৰত কোৱা হৈছে যে স্থানীয় বিষয়াই তালিবানৰ সৈতে যুদ্ধবিৰতিৰ এক চুক্তি কৰিছে। ইয়াৰ মাজতে তালিবানৰ মুখপাত্ৰ জবিহুল্লা মুজাহিদে ঘোষণা কৰিছে যে লস্কৰগাহ তালিবানে দখল কৰিছে।
শুকুৰবাৰে তালিবানে দেশৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ কান্দাহাৰ দখল কৰিছিল। এই চহৰখন এটা সময়ত তালিবানৰ ঘাটি আছিল। কান্দাহাৰ মুখ্য বাণিজ্যিক কেন্দ্ৰ।