মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Afghanistan : আফগানিস্তানৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ কান্দাহাৰ দখল কৰাৰ দাবী তালিবানৰ

Afghanistan : আফগানিস্তানৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ কান্দাহাৰ দখল কৰাৰ দাবী তালিবানৰ

News18 Assam | News18-Assam
Updated:August 13, 2021, 9:00 AM IST
Afghanistan : আফগানিস্তানৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ কান্দাহাৰ দখল কৰাৰ দাবী তালিবানৰ
তালিবানৰ এক মুখপাত্ৰই অফিচিয়েল একাউণ্টত টুইট কৰিছে, কান্দাহাৰ সম্পূৰ্ণৰূপে জয় কৰা হৈছে।

তালিবানৰ এক মুখপাত্ৰই অফিচিয়েল একাউণ্টত টুইট কৰিছে, কান্দাহাৰ সম্পূৰ্ণৰূপে জয় কৰা হৈছে।

  • Share this:
আমেৰিকান আৰু নাটো সেনাই আফগানিস্তানৰ এৰাৰ মাজতে তালিবানৰ শক্তি প্ৰদৰ্শন বৃদ্ধি পাইছে। তালিবানে এতিয়া দাবী কৰিছে যে তেওঁলোকে দেশৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ কান্দাহাৰ কব্জা কৰিছে (Taliban Captures Kandahar)। উল্লেখযোগ্য যে এই চহৰ এটা সময়ত তালিবানৰ ঘাটি আছিল আৰু মুখ্য বাণিজ্যিক কেন্দ্ৰ আৰু ৰণনীতিকভাৱে গুৰুত্বপূৰ্ণ। ইয়াৰ মাজতে আমেৰিকাই কয় যে তেওঁলোকে আমেৰিকান দূতাবাসৰ পৰা কৰ্মচাৰীক উলিয়াই অনাত সহায় কৰাৰ বাবে প্ৰায় ৩০০০ সৈন্যক পুনৰ আফগানিস্তানলৈ প্ৰেৰণ কৰিব।

তালিবানৰ এক মুখপাত্ৰই অফিচিয়েল একাউণ্টত টুইট কৰিছে, কান্দাহাৰ সম্পূৰ্ণৰূপে জয় কৰা হৈছে। আনহাতে, বিবিচিয়ে সূত্ৰৰ আধাৰত দাবী কৰিছে যে হেলমণ্ড প্ৰান্তৰ ৰাজধানী দক্ষিণৰ চহৰ লস্কৰ গাহো সন্ত্ৰাসবাদীয়ে নিজৰ কব্জাত লৈছে। অৱশ্যে এয়া নিশ্চিত হোৱা নাই।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে কাবুলৰ নিকটৱৰ্তী দেশৰ তৃতীয় সৰ্ববৃহৎ চহৰ হেৰাত দখল কৰিছিল। তালিবানে এতিয়ালৈকে ৩৪খন প্ৰান্তীয় ৰাজধানীৰ ১২খনত কব্জা কৰিছে। হেৰাত দখল কৰাটো তালিবানৰ বাবে আটাইতকৈ ডাঙৰ সাফল্য হিচাপে বিবেচিত হৈছে।
Published by: Sanjay Kumar Das
First published: August 13, 2021, 8:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি