আকৌ নতুন ৰূপত আহি আছে টিকটক! পিছে কেনেকৈ?

News18 Assam | News18-Assam
Updated:August 1, 2020, 11:51 AM IST
আকৌ নতুন ৰূপত আহি আছে টিকটক! পিছে কেনেকৈ?
এইবাৰ টিকটক ক্ৰয় কৰিবলৈ আগবাঢ়িছে মাইক্ৰছফ্ট।

এইবাৰ টিকটক ক্ৰয় কৰিবলৈ আগবাঢ়িছে মাইক্ৰছফ্ট।

  • Share this:
বজাৰলৈ নতুন ৰূপত আহি আছে টিকটক! এইবাৰ টিকটক ক্ৰয় কৰিবলৈ আগবাঢ়িছে মাইক্ৰছফ্ট। ইতিমধ্যে টিকটক আৰম্ভ কৰা বাইটডেন্সৰ সৈতে আলোচনা কৰিছে মাইক্ৰছফ্টে।

ভাৰতৰ পিছত এইবাৰ আমেৰিকাত নিষিদ্ধ হোৱাৰ দিশে চীনৰ এপ টিকটক। ইতিমধ্যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লৈছে এই সিদ্ধান্ত। টিকটক নিৰ্মাতা প্ৰতিষ্ঠান বাইটডেন্সৰ বিৰুদ্ধে ৰাজহুৱা তথ্য সৰবৰাহৰ অভিযোগ অত্থাপন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসন কঠোৰ হৈছে টকটকৰ দৰে এপ সমূহৰ বিৰুদ্ধে। এই সন্দৰ্ভত ট্ৰাম্পে কয় যে, ‘আমি টিকটকৰ সন্দৰ্ভত পৰীক্ষা নিৰীক্ষা চলাইছো। লগে টিকটৰ বিকল্প কি কৰিব পাৰিব সেইদিশতো চিন্তা চৰ্চা কৰিছো।’

কিন্তু তেনে সময়তে টিকটক ক্ৰয়ৰ দিশে আগবাঢ়িছে মাইক্ৰছফ্ট। আৰু যদি মাইক্ৰছফ্টে টিকটক ক্ৰয় কৰে, তেন্তে আকৌ টিকটক উপলব্ধ হৈ পৰিব পাৰে ভাৰতত।
Published by: Himangshu Bhuyan
First published: August 1, 2020, 11:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading