কুম্ভকৰ্ণৰ টোপনি সাধাৰণ কথা, ছাইবেৰিয়াত ২৪ হাজাৰ বছৰ ধৰি টোপনি মৰা প্ৰাণী উদ্ধাৰ কৰিলে ৰাছিয়াৰ বিজ্ঞানীয়ে

News18 Assam | News18-Assam
Updated:June 9, 2021, 11:42 PM IST
কুম্ভকৰ্ণৰ টোপনি সাধাৰণ কথা, ছাইবেৰিয়াত ২৪ হাজাৰ বছৰ ধৰি টোপনি মৰা প্ৰাণী উদ্ধাৰ কৰিলে ৰাছিয়াৰ বিজ্ঞানীয়ে
এই উদ্ধাৰৰ ঘটনা যোৱা সোমবাৰে কাৰেণ্ট বায়োলজী নামৰ আলোচনীত প্ৰকাশ কৰা হৈছে।

এই উদ্ধাৰৰ ঘটনা যোৱা সোমবাৰে কাৰেণ্ট বায়োলজী নামৰ আলোচনীত প্ৰকাশ কৰা হৈছে।

  • Share this:

ছাইবেৰিয়াৰ হিমশীতল বৰফত ২৪,০০০ বছৰ টোপনি মৰাৰ পিছত সাৰ পাই উঠিছে এটা প্ৰাণী। ইয়াৰ নাম ডেলোডিড ৰোটিফাৰ্ছ। এই প্ৰাণীটো মুখ্যতঃ জলীয় পৰিৱেশত বাস কৰে আৰু ই এটা এটা আণুবীক্ষণিক প্ৰাণী। আমাৰ কাৰণে অবিশ্বাস্যভাৱে জীয়াই থকাৰ ক্ষমতা আছে এই প্ৰাণীটিৰ। সংবাদ সংস্থা চি এন এনৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, ৰাছিয়াৰ বিজ্ঞানীসকলে ছাইবেৰিয়াৰ পাৰ্মাফ্ৰষ্ট অঞ্চল (ভূগৰ্ভস্থ বৰফৰ এলেকা) খনন কৰাৰ পিছত ইয়াক উদ্ধাৰ কৰে।


ৰাছিয়াৰ ছইল ক্ৰায়'লজী গৱেষণাগাৰৰ গৱেষক ষ্টাছ মালভাইনে কয় যে এই প্ৰাণীটিৰ উদ্ধাৰে এই কথাকেই প্ৰমাণিত কৰিছে যে বহুকোষী প্ৰাণীয়ে হাজাৰ হাজাৰ বছৰ ধৰি ক্ৰিপ্টোবায়োচিছ সহ্য কৰিব পাৰে। ক্ৰিপ্টোবায়োচিছ হৈছে সম্পূৰ্ণৰূপে হজম প্ৰক্ৰিয়া বন্ধ হৈ যোৱাৰ অৱস্থা। ৰাছিয়াৰ গৱেষকসকলে বয়স নিৰ্ধাৰণ পদ্ধতি (ৰেডিঅ'কাৰ্বন ডেটিং) ব্যৱহাৰ কৰি ইয়াৰ আয়ুস বিচাৰি জানিব পাৰে যে আণুবীক্ষণিক প্ৰাণীটো ২৪,০০০ বছৰ পুৰণি।


এই উদ্ধাৰৰ ঘটনা যোৱা সোমবাৰে কাৰেণ্ট বায়োলজী নামৰ আলোচনীত প্ৰকাশ কৰা হৈছে। গৱেষকসকলে কয় যে এই ঘটনা প্ৰথমবাৰৰ বাবে দৃশ্যমান হোৱা নাই। হিমায়িত অঞ্চলৰ পৰা ৩০,০০০ বছৰ পুৰণি আণুবীক্ষণিক প্ৰাণী উদ্ধাৰ কৰাৰ ইতিহাস আছে। উল্লেখ্য, বহুকোষী জীৱবোৰ কেইবা শতিকা ধৰি বৰফত সংৰক্ষণ কৰিব পাৰি আৰু জীৱিত কৰি তুলিব পাৰি। বিষয়টো কল্পকাহিনীৰ দৰে হ'লেও ই সঁচা। অৱশ্যে স্তন্যপায়ী প্ৰাণীৰ বাবে এয়া সম্ভৱ নহয়।

Published by: Gautam Barman
First published: June 9, 2021, 11:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি