உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • ভাৰতৰ পৰা ৫০০০ লিটাৰ বিহ বিচাৰিলে অষ্ট্ৰেলিয়াই, এবিধ প্ৰাণীয়ে সৃষ্টি কৰিছে আতংক

    ভাৰতৰ পৰা ৫০০০ লিটাৰ বিহ বিচাৰিলে অষ্ট্ৰেলিয়াই, এবিধ প্ৰাণীয়ে সৃষ্টি কৰিছে আতংক

    নিউ ছাউথ ৱেলছ চৰকাৰে কৃষক আৰু অন্যান্য আৱাসীসকলক সংকটৰ মোকাবিলা কৰাত সহায় কৰিবলৈ ৫০ নিযুত ডলাৰৰ পেকেজ ঘোষণা কৰিছে।

    নিউ ছাউথ ৱেলছ চৰকাৰে কৃষক আৰু অন্যান্য আৱাসীসকলক সংকটৰ মোকাবিলা কৰাত সহায় কৰিবলৈ ৫০ নিযুত ডলাৰৰ পেকেজ ঘোষণা কৰিছে।

    নিউ ছাউথ ৱেলছ চৰকাৰে কৃষক আৰু অন্যান্য আৱাসীসকলক সংকটৰ মোকাবিলা কৰাত সহায় কৰিবলৈ ৫০ নিযুত ডলাৰৰ পেকেজ ঘোষণা কৰিছে।

    • Share this:

    কোৰোণা কালত নিগনিৰ উপদ্ৰৱ। ত্ৰাহি মধুসূদন দেখিছে এন্দুৰৰ বাবে। ঘৰৰ পৰা খেতিপথাৰ, কাৰ্যালয়ৰ পৰা দোকানঘৰ সকলোতে কেৱল নিগনি আৰু নিগনি। এই ঘটনা অষ্ট্ৰেলিয়াৰ টটেনহাম আৰু নিউ ছাউথ ৱালেছ প্ৰদেশৰ। ভয়াৱহ ৰূপত বৃদ্ধি পোৱা নিগনিয়ে শস্য আদি নষ্ট কৰাৰ লগতে দেশখনলৈ প্লেগৰ ভাবুকিও কঢ়িয়াই আনিছে।


     নিগনিৰ পৰা পৰিত্ৰাণ বিচাৰি অষ্ট্ৰেলিয়াই অৱশেষত  ভাৰতক খুজি পঠিয়াইছে নিষিদ্ধ ঔষধ ব্ৰোমেডিওলোন ((Bromediolone)। অষ্ট্ৰেলিয়াৰ দ্বাৰা ভাৰতক প্ৰায় ৫,০০০ লিটাৰ বিহ অৰ্ডাৰ কৰা হৈছে। উল্লেখ্য, কেইদিনমান আগতে অষ্ট্ৰেলিয়াৰ টটেনহাম–নিউ ছাউথ ৱেলছত নিগনিৰ উপদ্ৰৱৰ ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।


    নিউ ছাউথ ৱেলছৰ কৃষি মন্ত্ৰী এডাম মাৰ্শ্বেলে এই সম্পৰ্কে কয় যে যদি নিগনিৰ উপদ্ৰৱ হ্ৰাস কৰিব পৰা নাযায়, তেন্তে দেশৰ বিত্তীয় ব্যৱস্থা ধ্বংস হ'ব পাৰে। নিউ ছাউথ ৱেলছ চৰকাৰে কৃষক আৰু অন্যান্য আৱাসীসকলক সংকটৰ মোকাবিলা কৰাত সহায় কৰিবলৈ ৫০ নিযুত ডলাৰৰ পেকেজ ঘোষণা কৰিছে। সম্প্ৰতি নিউ ছাউথ ৱেলছৰ পৰা কুইন্সলেণ্ডলৈও নিগনি বিয়পি আছে। বিশেষজ্ঞই অনাগত দিনবোৰত ই অধিক বিপজ্জনক ৰূপ ল'ব পাৰে বুলি সকীয়নিও দিছে। গতিকে অষ্ট্ৰেলিয়াই এই নিগনিৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰতৰ পৰা বিহ আমদানি কৰিবলৈ সিদ্ধান্ত লয়।

    Published by:Gautam Barman
    First published: