নতুন দিল্লীত চলি আছে কৃষকৰ বিদ্ৰোহ। বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত অটল কৃষকসকল। এইবাৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত ওলাই আহিল পৰ্ণষ্টাৰ মিঞা খালিফা।
মঙলবাৰে পপ চিংগাৰ ৰিহানাই টুইটাৰ যুগে দেশত চলি থকা কৃষি আইন বিৰোধী আন্দোলনৰ সমৰ্থনত টুইট কৰাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা চলি আছিল। ৰিহানাৰ পিছত এইবাৰ আন্দোলনৰ সমৰ্থনত মত ব্যক্ত কৰিলে প্ৰাক্তন পৰ্ণ ষ্টাৰগৰাকীয়ে।
বুধবাৰে মিঞাই টুইটাৰ যোগে কৃষি আইন বিৰোধী আন্দোলনৰ সমৰ্থনত মন্তব্য কৰাৰ লগতে দিল্লীত ইণ্টাৰনেট সেৱা বাতিল কৰাৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|