এই বটলটোোৱে ৪৮০০ কিলোমিটাৰ অতিক্ৰম কৰি কানাডাৰ সাগৰ তীৰৰ পৰা আহি আমাণ্ডাৰ হাতত পৰিছিল।
ইংলেণ্ডৰ ৱেলছ (Wales)ত সাগৰৰ পাৰত আমাণ্ডা টিডমাৰ্ছ (Amanda Tidmarsh) নামৰ মহিলাগৰাকীয়ে যেতিয়া সমুদ্ৰত উটি অহা মদৰ বটলটো দেখিছিল তেতিয়া তেওঁ ৰোমাঞ্চিত হৈ পৰিছিল। সাধাৰণ লোকৰ দৰেই আমাণ্ডাৰ মনতো সৃষ্টি হৈছিল কৌতুহলৰ। তেওঁ ভাবিছিল এই বটলটোট নিশ্চয় কিবা মূল্যৱান বস্তু থাকিব পাৰে! বৰ আগ্ৰহেৰে বটলটো লৈ আমাণ্ডা ঘৰলৈ গৈছিল।
সেইদিনা ৫২ বছৰীয়া আমাণ্ডাই নিজৰ পোহনীয়া কুকুৰ দুটা লৈ অগমোৰ-অন-ছী (Ogmore-on-Sea) সাগৰ তীৰত খোজকাঢ়ি আছিল। কিছুদূৰ যোৱাৰ পিছতে তেওঁ সাগৰত উটি অহা সেই বটলটো দেখা পাইছিল। বটলটোট শেলুৱৈয়ে ধৰিছিল, যিয়ে বটটলটো বহুদিন সাগৰত পৰি থকাৰ প্ৰমাণ দিছিল।
বটলটো লৈ গৈ আমাণ্ডাই লগে লগেই একো নকৰিলে। এই বিশেষ মুহূৰ্তটো অকলে উপভোগ কৰাতকৈ তেওঁ ননিজৰ পুত্ৰ-কন্যাকো মাতি পঠিয়ালে। অৱশেষত বৰ আগ্ৰহেৰে বটলটো খুলিলে যদিও আমাণ্ডাই ভবাৰ দৰে বটলৰ ভিতৰত মূল্যৱান একো নাপাপলে। পালে মাত্ৰ এখন টুটি চিঠি। চিঠিখনত লিখা আছিল যি লোকে এই বয়লটো পায় তেওঁ যাতে প্ৰেৰকৰ সৈতে যোগাযোগ কৰে। যোগাযোগৰ বাবে চিঠিখনত দিয়া হৈছিল এটা ই-মেইল আইডি।
সংবাদ প্ৰতিষ্ঠান বিবিচি (BBC)ৰ আগত এই অভিজ্ঞতা বৰ্ণনা কৰিছে আমাণ্ডাই। আমাণ্ডাই কয়, "বটলটো দেখি মই উৎফুল্লিত হৈ পৰিছিলোঁ। ভাবিছিলো যে ইমানদিনে বটলটো নভগাকৈ থকায়ো কম কথা নহয়! বটলটোত কিবা মূল্যৱান সামগ্ৰী যে থাকিব পাৰে সেই কথা ভাবি শিহৰিত হৈছিলোঁ। ভবা নাছিলোঁ যে তাত মাত্ৰ এখন চিঠিহে পাম।"
চিঠিখনৰ পৰা এইটো প্ৰমাণ হয় যে সুৰাৰ বটলটো কানাডাৰ পৰা সাগৰত উটি আহিছে। জন গ্ৰাহাম নামৰ এজন লোকে ২০২০ চনৰ নৱেম্বৰত বটলটো সাগৰত পেলাইছিল। কিয় পেলাইছিল সেই কথা লিখা নাই যদিও যোগাযোগৰ বাবে তেওঁৰ ই-মেইলটো দিয়া আছে চিঠিখনত। আমাণ্ডাই জনলৈ মেইল দিছে যদিও এতিয়ালৈ জনৰ পৰা কোনো উত্তৰ অহা নাই।
উল্লেখ্য যে এই বটলটোোৱে ৪৮০০ কিলোমিটাৰ অতিক্ৰম কৰি কানাডাৰ সাগৰ তীৰৰ পৰা আহি আমাণ্ডাৰ হাতত পৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|