ক্ৰিজত তেওঁ অহাৰ পৰাই চিন্তাত পৰিছিল গ্লেন মেকগ্ৰাথ, ব্ৰেট লী, ৱাছিম আক্ৰাম, চামিণ্ডা ভাছ, এলেন ডোনাল্ড, শ্বন পোলক, কাৰ্টনী ৱালছ, শ্বেন বণ্ড, এণ্ড্ৰিউ ফ্লিণ্টফৰ দৰে পেচ বলাৰসকলো।
ক্ৰিজত তেওঁ অহাৰ পৰাই চিন্তাত পৰিছিল গ্লেন মেকগ্ৰাথ, ব্ৰেট লী, ৱাছিম আক্ৰাম, চামিণ্ডা ভাছ, এলেন ডোনাল্ড, শ্বন পোলক, কাৰ্টনী ৱালছ, শ্বেন বণ্ড, এণ্ড্ৰিউ ফ্লিণ্টফৰ দৰে পেচ বলাৰসকলো।
শচীন, শচীন, শচীন...(Sachin)
যেতিয়াও তেওঁ বেটিং কৰিবলৈ আহিছিল দৰ্শকৰ চিঞৰেৰে মুখৰিত হৈ পৰিছিল সমগ্ৰ ষ্টেডিয়াম। এনে কোনো দৰ্শক নাছিল যিয়ে শচীনক ভাল নোপোৱাকৈ থাকিব পাৰিছিল। ক্ৰিকেটৰ ইতিহাসত বৰ্ণিল সময় হৈ ৰোৱা শচীনৰ কথা আজিও অনুৰাগীয়ে মনৰ পৰা আতৰাব পৰা নাই।
তেণ্ডুলকাৰ(Sachin Tendulkar) ক্ৰিকেট(Cricket)ৰ এক আৱেগ আছিল। কভাৰ ড্ৰাইভৰ পৰা ষ্ট্ৰেইট ডাউন দ্য গ্ৰাউণ্ড শ্বটলৈ তেওঁৰ বেটৰ পৰা ওলোৱা প্ৰতিটো শ্বটৰ প্ৰেমত পৰিছিল দৰ্শক। সকলোৱে প্ৰেমত পৰিছিল তেওঁৰ বেটিং শৈলীৰ। দুটা দশকতকৈ অধিক সময় তেওঁ স্মৰণীয় কৰি ৰাখিছিল ক্ৰিকেটক। তেওঁৰ ইনিংছ চাবলৈ ষ্টেডিয়ামেই হওক কিম্বা টেলিভিছনৰ পৰ্দাই হওক, অনুৰাগীৰ অভাৱ নাছিল।
শ্বেন ৱাৰ্ণ, মুৰলীধৰন, ছাকলেইন মুস্তাকৰ দৰে স্পীনাৰ দিশহাৰা হৈ পৰিছিল তেওঁৰ বেটিং শৈলীৰ সন্মুখত। বিপক্ষ দলৰ মূৰৰ কামোৰণি হৈ পৰিছিল এইগৰাকী বেটিং প্ৰতিভা। ক্ৰিজত তেওঁ অহাৰ পৰাই চিন্তাত পৰিছিল গ্লেন মেকগ্ৰাথ, ব্ৰেট লী, ৱাছিম আক্ৰাম, চামিণ্ডা ভাছ, এলেন ডোনাল্ড, শ্বন পোলক, কাৰ্টনী ৱালছ, শ্বেন বণ্ড, এণ্ড্ৰিউ ফ্লিণ্টফৰ দৰে পেচ বলাৰসকলো। শান্ত বেটছমেনজনে পৰীক্ষা লৈছিল বিপক্ষৰ ধৈৰ্যৰ। তেওঁৰ উইকেট আছিল শ্ৰেষ্ঠতম উপহাৰ।
বলিং আক্ৰমণ ছেদেলি-ভেদেলি কৰি পেলোৱা শচীনে ৰেকৰ্ড গঢ়িছিল, ৰেকৰ্ড ভাঙিছিল। শৈশৱতে খিৰিকী ভঙা শচীনে শতকৰ শতক অৰ্জন কৰা বিশ্বৰ একমাত্ৰ খেলুৱৈ। ক্ৰিকেটত সৰ্বোচ্চ ৰান কৰাৰ অভিলেখো তেওঁৰ নামত। বেটিং আইকনজনে ২০১৩ চনত ৱাংখেড়ে ষ্টেডিয়ামত তেওঁৰ ঐতিহাসিক ২০০ তম টেষ্ট খেলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|