• Home
  • »
  • News
  • »
  • world
  • »
  • আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমৰ সৈতে প্ৰেমৰ সম্পৰ্ক জনপ্ৰিয় অভিনেত্ৰীৰ! পিছে কোন এইগৰাকী আবেদনময়ী অভিনেত্ৰী?

আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমৰ সৈতে প্ৰেমৰ সম্পৰ্ক জনপ্ৰিয় অভিনেত্ৰীৰ! পিছে কোন এইগৰাকী আবেদনময়ী অভিনেত্ৰী?

মোষ্ট ৱাণ্টেড ডন ডাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্ক ৰক্ষা বুলি বলীউদৰ বহু জনপ্ৰিয় অভিনেত্ৰীৰ নাম ইতিমধ্যে সাঙুৰ খাই পৰিছে।

মোষ্ট ৱাণ্টেড ডন ডাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্ক ৰক্ষা বুলি বলীউদৰ বহু জনপ্ৰিয় অভিনেত্ৰীৰ নাম ইতিমধ্যে সাঙুৰ খাই পৰিছে।

মোষ্ট ৱাণ্টেড ডন ডাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্ক ৰক্ষা বুলি বলীউদৰ বহু জনপ্ৰিয় অভিনেত্ৰীৰ নাম ইতিমধ্যে সাঙুৰ খাই পৰিছে।

  • Share this:
আণ্ডাৰৱৰ্ল্ডৰ ডন আৰু চিনেমাৰ নায়িকাৰ সম্পৰ্ক কোনো নতুন কথা নহয়। মোষ্ট ৱাণ্টেড ডন ডাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্ক ৰক্ষা বুলি বলীউদৰ বহু জনপ্ৰিয় অভিনেত্ৰীৰ নাম ইতিমধ্যে সাঙুৰ খাই পৰিছে। বহুতে কয় যে, ডাউদে হস্তক্ষেপ কৰি বহু অভিনেত্ৰীক দিছে ছবিত অভিনয়ৰ সুযোগ। এইবাৰ ডাউদ ইব্ৰাহিমৰ নাম সাঙুৰ খাইছে পাকিস্তানৰ আবেদনময়ী অভিনেত্ৰী মহৱিছ হায়াটৰ সৈতে। অভিনেত্ৰীগৰাকীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক ডাউদৰ।



মহৱিছ হায়াটৰ কেৰিয়াৰ আৰম্ভ হৈছিল এটা আইটেম চঙৰ জৰিয়তে। ৩৭ বছৰীয়া অভিনেত্ৰীগৰাকী ডাউদ ইব্ৰাহিমতকৈ ২৭ বছৰ সৰু। মেহৱিছক ‘গেংষ্টাৰ গোণ্ডিয়া’ নামেৰেও জনা যায়।



মহৱিছ হায়াটে ২০০৯ চনৰ মুক্তি লাভ কৰা ইন্চাল্লাহ, ২০১৫চনত জাৱানী ফিৰ নেহী আনী, ২০১৬ চনত এক্টৰ ইন ল’, ২০১৬ত টীম, ২০১৭ত পঞ্জাৱ নেহী জাওংগী, ২০১৮ত জাৱানী ফিৰ নেহী আনী-২, লোড ৱেডিঙৰ দৰে পাকিস্তানৰ জনপ্ৰিয় ছবিত অভিনয় কৰিছে।



জানিব পৰা মতে, ডাউদ ইব্ৰাহিমৰ আছে পাকিস্তানৰ বহু ছবি নিৰ্মাতাৰ সৈতে ভিতৰুৱা সম্পৰ্ক। ছবিত বহু নায়িকাৰ চুক্তি ডাউদৰ কথা মতে কৰে নিৰ্মাতাই। লাহোৰ আৰু কৰাছীৰ বহু ডাঙৰ ডাঙৰ ডাঙৰ পৰিচালক, প্ৰ়যোজকৰ সৈতে সম্পৰ্ক ডাউদৰ। ইতিমধ্যে ডাউদ আৰু হায়াটৰ বহু ভিতৰুৱা কথা পাকিস্তানত বিয়পি পৰিছে। কিন্তু ৰাইজৰ ৰোষত পৰাৰ ভয়ত সকলো কথা মিছা বুলি টুইট যোগে জনাইছে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published: