মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»মেহুল চোকছীয়ে ক’ৰ্টত ক’লে – মই ডমিনিকাত নিৰাপদ নহয়, প্ৰত্যৰ্পণক লৈ আজি পুনৰ শুনানি

মেহুল চোকছীয়ে ক’ৰ্টত ক’লে – মই ডমিনিকাত নিৰাপদ নহয়, প্ৰত্যৰ্পণক লৈ আজি পুনৰ শুনানি

News18 Assam | News18-Assam
Updated:June 3, 2021, 8:16 AM IST
মেহুল চোকছীয়ে ক’ৰ্টত ক’লে – মই ডমিনিকাত নিৰাপদ নহয়, প্ৰত্যৰ্পণক লৈ আজি পুনৰ শুনানি
আজি মেহুল চোকছীৰ প্ৰত্যৰ্পণক লৈ দ্বিতীয়বাৰ শুনানি অনুষ্ঠিত হ’ব। সূত্ৰ অনুসৰি, চোকছীয়ে ৮ জুনলৈ ডমিনিকাতে থাকিব লাগিব।

আজি মেহুল চোকছীৰ প্ৰত্যৰ্পণক লৈ দ্বিতীয়বাৰ শুনানি অনুষ্ঠিত হ’ব। সূত্ৰ অনুসৰি, চোকছীয়ে ৮ জুনলৈ ডমিনিকাতে থাকিব লাগিব।

  • Share this:
পঞ্জাব নেচনেল বেংক (PNB Scam) কেলেংকাৰীৰ অভিযুক্ত মেহুল চোকছীক ডমিনিকাৰ পৰা ঘূৰাই অনাৰ চেষ্টা অব্যাহত আছে। চোকছীক লৈ ডমিনিকা ক’ৰ্টে আজি শুনানি গ্ৰহণ কৰিব। আদালতে সিদ্ধান্ত গ্ৰহণ কৰিব যে তেওঁক পুনৰ এণ্টিগালৈ পঠোৱা হ’ নে ভাৰতলৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰ পূৰ্বে বুধবাৰে হোৱা শুনানিত চোকছীয়ে আদালতত কয় যে তেওঁ ডমিনিকাত নিৰাপদ নহয়। এণ্টিগা আৰু বাৰবুডাৰ পৰাৰ পৰা শেহতীয়াকৈ পলায়ন কৰা চোকছীক বিগত সপ্তাহত ডমিনিকাত গ্ৰেপ্তাৰ কৰা হৈছিল।

১৩,৫৭৯ কোটি টকাৰ পিএনবি কেলেংকাৰীৰ অভিযুক্ত চোকছীক ভাৰতলৈ অনাৰ বাবে চিবিআই আৰু ইডিৰ দল ডমিনিকাত উপস্থিত হৈছে। এই দুয়োটা দলে শুনানিৰ সময়ত আদালতত উপস্থিত থাকে। এই শুনানিত চোকছীয়ে ভিডিঅ’ কলৰ জৰিয়তে হাজিৰ হয়।

আজি মেহুল চোকছীৰ প্ৰত্যৰ্পণক লৈ দ্বিতীয়বাৰ শুনানি অনুষ্ঠিত হ’ব। সূত্ৰ অনুসৰি, চোকছীয়ে ৮ জুনলৈ ডমিনিকাতে থাকিব লাগিব। ডমিনিকা চৰকাৰে ভাৰতক সমৰ্থন কৰিছে আৰু আদালতত কয় যে চোকছীক ভাৰতলৈ প্ৰেৰণ কৰা হওক, অন্যথা তেওঁৰ গোচৰ গেথেলা মাৰিব।

মেহুল চোকছীৰ অধিবক্তা বিজয় আগৰৱালে শুনানিৰ পূৰ্বে কয় যে মিডিয়াত এনেকুৱা ৰিপ’ৰ্ট ওলাইছে যে চোকছীৰ ভাতৃয়ে ডমিনিকাৰ বিৰোধী দলৰ সৈতে বাৰ্তালাপ কৰিছে। কিয়নো চোকছীৰ ভাতৃয়ে তেওঁ চাবলৈ ডমিনিকালৈ আহিছিল, সেইবাবেই এনেকুৱা কথা সৃষ্টি কৰা হৈছে।

ভাৰতৰ পৰা যোৱা বিষয়াৰ দলটোত ৰ’, চিবিআই আৰু ইডিৰ বিষয়া আছে। লগতে চৰকাৰে ত্ৰিনিদাদ আৰু টোবেগ’ৰ নিজৰ উচ্চায়ুক্তকো সহায়ৰ বাবে প্ৰেৰণ কৰিছে।

ভাৰতীয় বিষয়াসকলে চোকছীক লৈ নিজৰ দাবী সজোৰে উত্থাপিত কৰিবলৈ সকলো প্ৰয়োজনীয় নথি–পত্ৰ লৈ গৈছে ডমিনিকালৈ। এই নথি–পত্ৰত চোকছীৰ আধাৰ, পেন কাৰ্ডৰ লগতে ৰেছন কাৰ্ডো আছে যাৰ দ্বাৰা এয়া প্ৰমাণ হয় যে চোকছী ভাৰতীয় নাগৰিক। এই সকলো প্ৰমাণ আদালতত দাখিল কৰা হ’ব।
Published by: Sanjay Kumar Das
First published: June 3, 2021, 8:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি